সংবিধান
অনুচ্ছেদ – ১
১। নামাকৰণ : ব্যাস
ওজাপালি গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ : ব্যাসপাৰা[1]
২। ঠিকনা :
২ নং ঘোঁৰাশাল (ব্যাসপাৰা), পোষ্ট অফিচ - ব্যাসপাৰা, থানা - ছিপাঝাৰ, জিলা - দৰং (অসম);
পিন - ৭৮৪১৪৫
অনুচ্ছেদ – ২
৩। উদ্দেশ্য :
ব্যাস ওজা আৰু পালি তথা ঐতিহ্যবাহী জাগৰ গীত, মালসী গীত, মহাকাব্যৰ পদ, মুদুৰা যন্ত্ৰ,
তাল-বাদ্য, সাঁজ-পোচাক, অলঙ্কাৰ আৰু মুদুৰা-তালবাদ্য-শিপিনী-অলঙ্কাৰ নিৰ্মাতাসকলৰ প্ৰতিজনেই
ব্যাস ওজাপালিৰ ঐতিহ্যৰ অন্তৰ্ভূক্ত । নিম্নোক্ত পাঁচটা উদ্দেশ্য আগত ৰাখি এই সংগঠনৰ
গঠন হৈছে ।
১। গোট/গাওঁ/অঞ্চলৰ সামূহিক প্ৰচেষ্টাৰে ঐতিহ্যবাহী
মূল বা ঘাই ব্যাস ওজাপালিৰ ঐতিহ্যক সুৰক্ষিত কৰি জীৱন-জীৱিকাৰ এটা মাধ্যম কৰিবলৈ ন-প্ৰজন্মৰ
মাজত প্ৰচাৰ-প্ৰসাৰ, চৰ্চ্চা তথা অনুশীলন উৎসাহ যোগোৱা, শিক্ষা-প্ৰদান কৰা । ইয়াৰ লগতে
গৱেষণা ভিত্তিত আগবঢ়া, সাংস্কৃতিক তথা আঞ্চলিক উন্নয়ন, পৰ্য্যটন, ঐতিহ্য সংৰক্ষণ আদিৰ
বিকাশ সাধন কৰা ।
২। মূল ঐতিহ্যবাহী ব্যাস ওজাপালিৰ ৰাজ আজ্ঞাত নিৰ্দ্ধাৰিত
পাঁচখন আধ্যাত্মিক পুজা-পাতল স্থানত অনুষ্ঠান পৰিবেশনত পৰম্পৰাগতভাৱে ব্যাসপাৰা ব্ৰাহ্মণ
ওজাসকলে “ৰাজ-প্ৰদত্ত মুদুৰা যন্ত্ৰ” ব্যৱহাৰ কৰা । ইয়াত অনাগত দিনত কোনোপধ্যে মঞ্চ
উপযোগী ব্যাস ওজাপালিক অপ্ৰাসঙ্গিক, বজাৰসৰ্বস্ব কৰি তোলা, ভুলকৈ উপস্থাপিত কৰা ইত্যাদিৰ
বিৰূদ্ধে প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন কৰা । এই ক্ষেত্ৰত পৰম্পৰাগত শৈলীৰ ওজাসকলে অতিজৰ
সমস্ত আধ্যাত্মিক গোপনীয়তা আৰু সূক্ষ্মতা বজাই ৰাখিবলৈ সম্পূৰ্ণ অধিকাৰ লাভ কৰা ।
৩। ঐতিহ্যবাহী ব্যাস ওজাপালিৰ সাক্ষৰ বহন
কৰা সমস্ত পৌৰাণিক সাঁচিপাতৰ পুথি[2], অগ্ৰজ ওজা আৰু পালিসকলৰ লেখনি,
লেখন সামগ্ৰী আদি চিনাক্তকৰণ তথা নথিভূক্ত কৰা । সমগ্ৰ অঞ্চলত থকা “ৰাজ-প্ৰদত্ত মুদুৰা
আৰু ৰাঙলিখাটি যন্ত্ৰ”, পৌৰাণিক তাল-বাদ্য, আ-অলঙ্কাৰ তথা সাজ-পোচাক আদি চিনাক্তকৰণ
তথা নথিভূক্ত কৰা ।[3]
(সহজ অৰ্থত ঐতিহ্যবাহী ব্যাস ওজাপালিৰ অগ্ৰজ ওজা আৰু পালিসকলৰ অস্থাৱৰ তথা বৌদ্ধিক
সম্পত্তিসমূহ ছপা আকাৰত নথিভূক্ত কৰা আৰু তদ সম্বন্ধীয় চৰকাৰী/বেচৰকাৰী বিভাগত যথোপযুক্ত
ৰেজিষ্ট্ৰেশ্বন কৰি মান্যতা প্ৰদান আৰু সংক্ষণৰ যাৱতীয় অনুদান আদায় কৰা ।)
৪। কোচৰাজ ধৰ্মনাৰায়ণৰ ৰাজ-হাউলি মোহনপুৰৰ ওচৰত
থকা প্ৰাচীন ব্যাস ওজাপালিৰ “আখৰা-খলা” চিনাক্তকৰণ আৰু পুনৰোদ্ধাৰ কৰি পৰ্যটন কেন্দ্ৰ
গঢ়ি তোলা ।
৫। বিদ্যা-শিক্ষা, গৱেষণা আৰু উদ্ভাৱন তিনিটা ঐতিহ্যবাহী
বিষয়ৰ সাৰ । ইয়াক আগত ৰাখি ঐতিহ্যবাহী ব্যাস ওজাপালিৰ এতিয়ালৈ ব্যৱহাৰ আৰু প্ৰচলিত
হৈ থকা সকলো ৰাগ-গীত, তাল, হস্তমুদ্ৰা, অলঙ্কাৰ, তালবাদ্য, সাজ-পোচাক আদিক ডকুমেণ্টেশ্বন
কৰা হব । ইয়াৰ গৱেষণা কৰি ন-ন কিটিপ আৰু কাৰিকৰী কৌশল বিচাৰ কৰা হব । তদ্ পশ্যাৎ,
উদ্ভাৱন হোৱা বিষয়বোৰ প্ৰয়োগ ঘটাই ব্যাস ওজাপালিৰ বৰ্তমান পৰিবেশৰ লগত খাপখুবাই ক্ৰমোন্নতি
সাধন কৰা হব ।
অনুচ্ছেদ – ৩
৪। লক্ষ্য :
ইউনেস্ক’ৰ শ্লোগান “জীৱন আৰু জীৱিকাৰ বাবে কলা”-ৰ আধাৰত ২০৩০ চনৰ ভিতৰত ঐতিহ্যবাহী
সাংস্কৃতিক কৰ্ম্মী তথা শিল্পীসকলক স্বাৱলম্বী কৰাটো সংগঠনৰ আদি তথা মূল লক্ষ্য । এই
লক্ষ্যক আগত ৰাখি ঐতিহ্যবাহী ব্যাস ওজাপালিৰ বিকাশ আৰু উন্নয়ন পূৰণ কৰা হব । সেই হেতুকে
নিম্নোল্লেখিত উপ-লক্ষ্যবোৰ অনাগত দিনলৈ নিৰ্দ্ধাৰণ কৰা হৈছে ।
১। ঐতিহ্যবাহী ব্যাস ওজাপালিৰ জৰিয়তে অনাগত দিনত
এখন আদৰ্শ গাওঁ, থলুৱা-ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সন্থাৰ লগত সহযোগীতা আৰু গৱেষণাৰ
দ্বাৰা শিল্পকলাৰ উন্নয়ন সাধন কৰা ।
২। ঐতিহ্যবাহী ব্যাস ওজাপালিৰ সদৌ শিল্পী অৰ্থাৎ
ওজা আৰু পালিসকলৰ মৰ্যাদা বা খ্যাতি অটুট ৰখা । ঐতিহ্যবাহী শিল্পৰ পৰিবেশন সেৱাৰ বিনিময়ত
উপযুক্ত মূল্য প্ৰদানৰ বাবে আয়োজকক সচেতন কৰা ।
৩। শিল্পীথুলৰ ক্ষমতায়নত সচেতনা গঢ়ি তোলা । শিল্পৰ
ঐতিহ্য তথা শিল্পীসকলৰ জীৱিকা সুৰক্ষিত আৰু সংগঠিত কৰা; প্ৰচাৰৰ সচেতনা তথা অংশীদাৰ
সকলৰ লগত যোগাযোগ গঢ়ি তোলা ।
৪। ঐতিহ্যবাহী দক্ষতাৰ সংৰক্ষণত গুৰুত্ব প্ৰদান
কৰা । জ্ঞান, দক্ষতা, উপাদানৰ বিষয়ে নীতি নিৰ্দ্ধাৰণ আৰু অনাগত প্ৰতিবন্ধকতাৰ বিষয়ক
শিক্ষা প্ৰদান কৰা ।
৫। ব্যাস ওজাপালিৰ
ঐতিহ্যৰ প্ৰতি সংবেদনশীল অৱস্থাৰ পৰা নতুনত্ব উদ্ভাৱন আৰু পৰীক্ষামূলক প্ৰয়োগ । ইয়াৰ
দ্বাৰা শিল্পটোক চলিত সামাজিক ব্যৱস্থাৰ লগত খাপ-খুৱাই গঢ়ি তোলা ।
৬। সামাজিক মাধ্যম তথা ইণ্টাৰনেট জগতৰ যোগেদি শিল্পটোৰ
প্ৰচাৰ প্ৰসাৰ তথা বিপণন; জীৱিত আৰু প্ৰয়াত শিল্পীসকলৰ দীঘ-বাণি, জনপ্ৰিয়তা আদি দাঙি
ধৰা ।
৭। ঐতিহ্যবাহী ব্যাস ওজাপালিৰ সমস্ত
বৌদ্ধিক সম্পত্তিৰ সন্ধান কৰা, চিনাক্তকৰণ কৰা, নথিভুক্ত কৰা আৰু পৰম্পৰাগত উত্তৰাধিকাৰী/স্বত্বাধিকাৰ
সাব্যস্ত কৰা আৰু কপিৰাইট আইন অনুসৰি যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা ।
৮। অনুষ্ঠানৰ
আয়োজকৰ লগত চুক্তি : ব্যাস ওজাপালিৰ ঐতিহ্য, শিল্পীক সন্মান তথা কামৰ গুণমানৰ স্বীকৃতি
ও প্ৰশংসা; পৰিবেশিত অনুষ্ঠানৰ যথাযোগ্য সন্মানজনক পাৰিশ্ৰমিক প্ৰদানৰ সচেতনা জগোৱা
। প্ৰকৃত পৰম্পৰাগত ব্যাস ওজাপালিৰ শিল্পীসকলৰ অনুষ্ঠানহে পৰিবেশন কৰাৰ ব্যৱস্থাৰ লগতে
নিৰাপদ তথা উপযুক্ত স্থানত প্ৰদৰ্শনৰ দিহা কৰা । জনগণক ব্যাস ওজাপালিৰ তাৎপৰ্য আৰু
গুৰুত্ব সম্পৰ্কে প্ৰচাৰৰ দিহা কৰা ।
অনুচ্ছেদ – ৪
৫। প্ৰতীক :
১। নিম্ন প্ৰদৰ্শিত প্ৰতীকটোৱে ব্ৰেণ্ড পৰিচয় দাঙি ধৰিব । ইয়াৰ দ্বাৰা ৰসিক, অনুৰাগী
তথা শুভাকাঙ্খীসকলৰ মাজত সচেতনা গঢ়ি তুলিব । সকলো কৰ্মকৰ্তাই লেটাৰহেড আৰু সংগঠন সম্বন্ধীয়
সকলো কাকত-পত্ৰত প্ৰতীকটো ব্যৱহাৰ কৰিব পাৰিব ।
২। অনুচ্ছেদ
৩:৭-ত উল্লেখিত কপিৰাইট আইনৰ প্ৰয়োগ : এতিয়াৰ পৰা সংগঠনৰ সদস্যসকলৰ দ্বাৰা ৰচিত
পদ, গাথা, সুৰ, গীত, লেখনি আদি সকলোতে এই © কপিৰাইট চিহ্ন প্ৰয়োগ কৰা হব
। আমাক ভাৰতীয় কপিৰাইট আইনে প্ৰদান কৰা “কোনো শিল্পীৰ পৰলোকৰ পাচত ষাঠি বছৰলৈ কপিৰাইটৰ
অধিকাৰ”-ৰ বিষয়ে সকলো উত্তৰাধিকাৰী/স্বত্বাধিকাৰ-ক সচেতন কৰি তোলা হব ।
৩। জিঅ’গ্ৰাফিকেল
ইণ্ডিকেশ্বন (GI) প্ৰতীকৰ ব্যৱহাৰ : এই প্ৰতীকৰ দ্বাৰা স্থান-বিশেষৰ গুণমান, খ্যাতি
বা মৰ্যাদা আৰু চৰিত্ৰগত বৈশিষ্ট্য বজাই ৰাখি উৎকৃষ্ট মান তথা মূল বা আচল শিল্পৰ অনুষ্ঠান
পৰিবেশন বা পৰিসেৱা দাঙি ধৰা ভৌগোলিক অঞ্চলৰ উৎসক প্ৰতিষ্ঠা কৰে । ইয়াক ৰেজিষ্ট্ৰেশ্বনৰ
দ্বাৰা প্ৰাপ্ত কৰি ভিডিঅ’, ৱেব-চাইট, ব্যাসপাৰা ভৌগোলিক অঞ্চলৰ চিহ্নিত চাইনবৰ্ড
(দিক নিৰ্দেশনা) আদিত ব্যৱহাৰ কৰা হব ।
৪। ইয়াৰ বাহিৰেও IPRS (Intellectual Property
Rites Service)-ৰ প্ৰ্তীক ৰেজিষ্ট্ৰেশ্বনৰ দ্বাৰা প্ৰাপ্ত কৰি প্ৰয়োগ কৰা হব ।
অনুচ্ছেদ – ৫
৬। সদস্যপদ :
১। সংগঠনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ঐতিহ্যবাহী ব্যাস ওজাপালিৰ প্ৰশিক্ষনপ্ৰাপ্ত সকলে
নিৰ্দ্ধাৰিত সভ্য ভৰ্তি মাচুল আদায় দি সংগঠনৰ সদস্যপদ গ্ৰহণ কৰিব পাৰিব ।
২। ব্যাসপাৰা পৰম্পৰাগত ঐতিহ্যবাহী ব্যাস ওজাপালিৰ (ৰাজ আজ্ঞাত নিৰ্দ্ধাৰিত পাঁচ স্থানত জাগৰ গীত গাবলৈ
অধিকাৰ থকা) ওজাসকল এই সংগঠনৰ স্থায়ী সদস্যবাব পাব । এখেতসকলক বিশেষ মৰ্যাদা সহকাৰে
মান কৰা হব আৰু ভেট’ অধিকাৰ প্ৰাপ্ত হব ।
৩। ইয়াৰ বাহিৰেও ইচ্ছুক আন ঠাইৰ পালিৰ সন্মানপ্ৰাপ্ত
শিল্পীয়েও সদস্যপদৰ বাবে আৱেদন কৰিব পাৰিব ।
অনুচ্ছেদ – ৬
৭। সদস্যপদ বাতিল : নিম্নোক্ত কাৰণত সদস্যপদ খাৰিজ
কৰা হব পাৰে –
(ক)
সংবিধান অৱমাননা কৰিলে ।
(খ)
সংগঠন উদ্দেশ্য আৰু লক্ষ্যৰ বিৰুদ্ধাচৰণ কৰিলে ।
(গ)
একেৰাহে তিনিখন সভাত উপস্থিত নাথাকিলে ।
(কেবল কাৰ্য্যনিৰ্বাহক সদস্যৰ বাবে)
(ঘ)
স্বেচ্ছাই পদত্যাগ কৰিলে ।
(ঙ)
কোনো সদস্যই সমিতিৰ দেয়ধন একেৰাহে তিনিবাৰ নিৰ্দ্দিষ্ট সময় ধৰি জাননী দিয়াৰ ভিতৰত আদায়
নিদিলে সেই সদস্যপদ খাৰিজ কৰা হব ।
(চ) সদস্যপদ বাতিল হোৱা কোনো সদস্যই সমিতি বা কেন্দ্ৰৰ মূল্য ঘূৰাই নাপাব ।
অনুচ্ছেদ – ৭
৮। সভা-সমিতি : সংগঠনটো নিয়াৰিকৈ চলাবলৈ হলে – “সাধাৰণ সভা” আৰু “কাৰ্য্যনিৰ্বাহক
সভা” নামেৰে দুখন সভা থাকিব ।
(ক)বছৰত
সাধাৰণ সভা এবাৰ বহিব । সংগঠনৰ “স্থাপনা দিৱস” অৰ্থাৎ প্ৰ্তি বছৰে ২১ ফেব্ৰুৱাৰী তাৰিখে
সাধাৰণ সভা বহিব । এই সাধাৰণ সভাৰ লগত সংগতি ৰাখি পৰিবেশ-পৰিস্থিতিৰ ভিত্তিত এদিনী্য়াৰ
পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে “ব্যাস-মেলা
আৰু উৎসৱ” উদযাপন কৰা হব । এই অনুষ্ঠানৰ জৰিয়তে স্থানীয় হস্তশিল্প, গীত-মাত, সংস্কৃতিৰ
উৎকৰ্ষ সাধনৰ দিহা কৰা হব । এই মহোৎসৱে যাতে ৰাষ্ট্ৰীয় পৰ্যটন মানচিত্ৰত স্থান পাই
তাৰো দিহা কৰা হব ।
(খ)বছৰত
কাৰ্য্যনিৰ্বাহক সভা অতি কমেও চাৰি (৪)বাৰ সভা বহিব ।
(গ)
বিশেষ প্ৰয়োজনত বা বিশেষ পৰিস্থিতি উদ্ভৱ হলে যিকোনো সময়ত বিশেষ সাধাৰণ সভা বা বিশেষ
জৰুৰী কাৰ্য্যনিৰ্বাহক সভা আহ্বান কৰিব পাৰিব ।
(ঘ)
সদস্য পদ থকা সকলো সদস্যকে সভালৈ আমন্ত্ৰণ জনোৱাতো বাধ্যতামূলক ।
(ঙ)
কেন্দ্ৰৰ বিষয়ববীয়াসকল নিষ্ক্ৰীয় হলে কাৰ্য্যনিৰ্বাহক সমিতিৰ নিয়মীয়া সদস্যৰ দুই-তৃতীয়াংশ
সদস্যৰ স্বাক্ষৰ লৈ জাননীৰ দ্বাৰা সাধাৰণ সভা আহ্বান কৰিব পাৰিব ।
(চ)
কেন্দ্ৰ/সমিতিৰ অনুমতি নোলোৱাকৈ ব্যাসপাৰা অঞ্চলৰ কোনো লোকে ওজা হোৱা বা ঐতিহাসিক ব্যাস
ওজাপালিৰ ক্ষেত্ৰত কোনো নতুন সমিতি গঠন কৰিব নোৱাৰিব । সংগঠনৰ কেন্দ্ৰটোৰ মূখ্য কাৰ্য্যালয়
(অসম প্ৰদেশৰ মঙ্গলদৈ জিলাৰ ছিপাঝাৰ অঞ্চলৰ) ব্যাসপাৰাত স্থায়ী হিচাপে থাকিব ।
(ছ)
ইউনেস্ক’ৰ সাংস্কৃতিক উপদেষ্টা ইক’মচৰ “মূৰ্ত সাংস্কৃতিক ঐতিহ্য” বিভাগৰ আন্তঃজাতিক
বৈজ্ঞানিক সমিতিৰ বিশেষজ্ঞ সদস্য সঙ্গীতজ্ঞ শ্ৰী দিলীপ চাংকাকতিদেৱ আজীৱন সংগঠনৰ উপদেষ্টা
হিচাপে কাৰ্য্যনিৰ্বাহ কৰিব । উপদেষ্টাৰ দিক-নিৰ্দেশনাৰ তথা মাৰ্গ-দৰ্শনৰ ভিত্তিত সংগঠনৰ
মজিয়াত আলোচনা-বিলোচনাৰে “সাধাৰণ সভা” আৰু “কাৰ্য্যনিৰ্বাহক সভা”-ৰ সন্মতিত কোনো বিষয়ত
স্থান-কাল-পাত্ৰ আৰু পৰিবেশ অনুযায়ী সংযোজন, বিযোজন, পৰিবৰ্দ্ধন, পৰিমাৰ্জন আদি কৰিব
পাৰিব । বিষয়টো কাৰ্য্যকৰী কৰা কিম্বা নকৰাত উপদেষ্টাগৰাকীৰ কোনো প্ৰভাৱ, দাবী আদি নাথাকিব আৰু
সংগঠনৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হিচাপে গণ্য হব ।
অনুচ্ছেদ – ৮
৯। সমিতিৰ কাৰ্য্যকাল : সমিতিৰ কাৰ্য্যকাল তিনি (৩) বছৰীয়া হব । তিনি বছৰৰ অন্তত এখন মুখপত্ৰ
প্ৰকাশ কৰা তথা বিষয় বাচনি সভা হব । তদ অনুসাৰে সমিতিয়ে নিজ মুখ্য কাৰ্য্যালয়ত ৰাজহুৱা/সাধাৰণ
সভা আহ্বান কৰিব পাৰিব । কাৰ্য্যনিৰ্বাহক সভাখন যিকোনো এটা দলে আহ্বান কৰিব পাৰিব ।
অনুচ্ছেদ – ৯
১০। থুল :
কাৰ্য্যনিৰ্বাহক সভাৰ মুঠ এক-তৃতীয়াংশ আৰু সাধাৰণ সভাৰ শতকৰা ত্ৰিশ ভাগ সদস্য উপস্থিত
থাকিলে সভাৰ “থুল” হোৱা বুলি গণ্য কৰা হব । স্থগিত সভাৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য
নহব । (অৰ্থাৎ কম সংখ্যক সদস্যৰ সভা পাতিব পাৰিব ।)
অনুচ্ছেদ – ১০
১১। সমিতি গঠন : “ব্যাস ওজাপালি গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ : ব্যাসপাৰা”-ৰ
কাৰ্য্য পৰিচালনাৰ বাবে নিম্নোক্ত বিষয়ববীয়াৰে এখন ওঠৰ (১৮) জনীয়া কাৰ্য্যনিৰ্বাহক
সমিতি থাকিব । বিশেষ পৰিস্থিতি উদ্ভৱ হলে গোপন ভোটৰ দ্বাৰা কাৰ্য্যনিৰ্বাহক সমিতি গঠন
কৰা হব । কাৰ্য্যকাল অন্তত অধিবেশন অনুষ্ঠিত কৰি সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে কাৰ্য্যনিৰ্বাহক
সভা গঠন কৰা হব ।
১।
সভাপতি – ১ জন
২।
উপ-সভাপতি – ১ জন
৩।
সাধাৰণ সম্পাদক – ১ জন
৪।
সহকাৰী সম্পাদক – ২ জন
৫।
সদস্য – ১৩ জন
৬।
ইয়াৰ বাহিৰেও এজন উপদেষ্টা থাকিব । (বিতং অনুচ্ছেদ – ৭: ছ দ্ৰষ্টব্য)
৭। আমন্ত্ৰিত সদস্য
অনুচ্ছেদ – ১১
১২। কৰ্ণধাৰ সমিতি : সমিতিৰ কোনো তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ কৰিবৰ বাবে কাৰ্য্যনিৰ্বাহক
সভাই সভাপতি/সম্পাদক আৰু জ্যেষ্ঠ তিনি গৰাকী ব্যক্তিক লৈ মুঠ পাঁচ জনীয়া কৰ্ণধাৰ সমিতি
গঠন কৰিব পাৰিব । কৰ্ণধাৰ সমিতিয়ে লোৱা সিদ্ধান্ত কাৰ্য্যনিৰ্বাহক সমিতিয় অনুমোদন জনাব
লাগিব ।
অনুচ্ছেদ – ১২
১৩। কাৰ্য্যপন্থা : ১। অনুচ্ছেদ ৪:১ বৰ্ণিত প্ৰতীকক আলম কৰি সমিতিৰ চিল-মোহৰ
(এটা ঘূৰণীয়া আৰু আনটো সভাপতি/সম্পাদকৰ), লিখনি পেড, ৰচিদ বহী আদি তৈয়াৰ কৰি লব পাৰিব
।
২। সভাপতি/সম্পাদকৰ নামত যুটীয়াভাৱে ৰাষ্ট্ৰীয়কৃত
বেংকত হিচাপ-বহী খুলিব পাৰিব । প্ৰতি তিনি বছৰৰ মূৰত নতুন সমিতি গঠন হলে বেংকত নতুন
সভাপতি আৰু সম্পাদকৰ নাম সলনি কৰিব পাৰিব ।
৩।
কোনো দলৰ কোনো বিষয়ত মতানৈক্য উদ্ভৱ হলে দলৰ ভিতৰত মীমাংসা নহ’লে মূল সমিতিলৈ প্ৰেৰণ
কৰিব লাগিব । এই ক্ষেত্ৰত মূল সমিতিৰ সিদ্ধান্তই চূড়ান্ত বুলি গণ্য কৰা হব ।
৪।
ইউনেস্ক’ৰ ইণ্টেনজিব’ল হেৰিটেজ কনভেনশ্বনৰ নৈতিক নীতি-নিয়ম (২০১৫) অনুসাৰে ৰচিত “ঐতিহ্যবাহী
পৰম্পৰাৰ নৈতিক ভিত্তি সংক্ৰান্তৰ বুনিয়াদী নীতি-নিয়ম”-ৰ আধাৰত এই সংবিধানখন স্থান-কাল-পাত্ৰ
আৰু পৰিবেশ অনুযায়ী সংযোজন, বিযোজন, পৰিবৰ্দ্ধন, পৰিমাৰ্জন আদি উপদেষ্টাৰ দিক-নিৰ্দেশনাৰ
তথা মাৰ্গ-দৰ্শনৰ ভিত্তিত সংগঠনৰ সংবিধান সমিতিত বিতং আলোচনা-বিলোচনাৰে সমিতিয়ে কাৰ্য্যকৰী
কৰিব পাৰিব । এই ক্ষেত্ৰত সংবিধান সমিতিৰ সিদ্ধান্তই
চূড়ান্ত বুলি গণ্য কৰা হব ।
অনুচ্ছেদ – ১৩
১৪। পূঁজি :
সংগঠনে পূঁজিক দুই প্ৰকাৰৰ হিচাপে মান্যতা প্ৰদান কৰিছে – শ্ৰম-মূল্য আৰু অৰ্থ-মূল্য
। নিম্নোক্ত তিনিটা উপচ্ছেদত অৰ্থ-মূল্যক ব্যাখ্যা কৰা হৈছে ।
১।
সভ্য ভৰ্তি বৰঙণি, অন্যান্য দান-বৰঙণি, হস্তশিল্পজাত সামগ্ৰী ক্ৰয়-বিক্ৰয়, মেলা, থিয়েটাৰ,
আদি মনোৰঞ্জন অনুষ্ঠানৰ যোগেদি সংগঠনৰ পূঁজি গঠন কৰিব পাৰিব । ইয়াৰ বাহিৰেও অনুষ্ঠান
পৰিবেশন, সমভাৱাপন্ন বেচৰকাৰী সন্থাৰ লগত সহযোগীতা, কপিৰাইট, IPRS আদিৰ নিৰ্দ্দিষ্ট
অংশক সংগঠনৰ পূঁজি হিচাপে গ্ৰহণ কৰিব পাৰিব । স্থানীয়-ৰাষ্ট্ৰীয় কিম্বা আন্তঃৰাষ্ট্ৰীয়
চৰকাৰী/বেচৰকাৰী আদি অনুষ্ঠান/সন্থাৰ সাহাৰ্য্য অথবা আঁচনিৰ পৰা আৰ্জিত ধন সংগ্ৰহ কৰিব
পাৰিব । এই সমুদায় দান-বৰঙণি আদি সমিতিৰ নামত বেংকৰ হিচাপ-বহীত জমা হব লাগিব । সভাপতি
আৰু সম্পাদকৰ যুটীয়া স্বাক্ষৰত বেংক হিচাপ-বহী লেনা-দেনা চলিব । সম্পাদকৰ হাতে-জমা
সৰ্বাধিক ৫০০/-(পাঁচশ) টকা হব । আৰ্থিকভাবে পুঁজি নূন্যতম পাঁচ (৫) লাখ টকা ৰখাটো বাঞ্চনীয়
।
২। নূন্যতম পূঁজি অতিক্ৰম কৰা তথা সকলো কাৰ্য্যসূচী
নিয়াৰিকৈ চলি থকিব পৰাৰ পাচত ৰাহি হোৱা ধন অতিকৈ জৰুৰী দুখীয়া আৰু ৰোগাগ্ৰস্থ শিল্পীসকলক
আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হব ।
৩। ঐতিহ্যবাহী ব্যাস ওজাপালি শিল্পীসকলক আৰ্থিক
সকাহ দিয়াৰ উদ্দেশ্য আগত ৰাখি এটা “পেঞ্চন-যোজনা” আগন্তুক সময়ত সূচনা কৰা হব । ইয়াৰ
বাবে বিভিন্ন চৰকাৰী/বেচৰকাৰী আদি অনুষ্ঠান/সন্থাৰ সহায় আহ্বান কৰা হব ।
৪। শ্ৰম-মূল্যক নিৰ্দ্ধাৰণ হয় মানৱ-সম্পদ ভিত্তিত
। সংগঠনৰ বিষয়ববীয়া আৰু সদস্যই সংগঠনৰ কাৰ্য্য সম্পাদন কৰোঁতে জীৱন-নিৰ্বাহৰ পথৰ পৰা
আঁতৰি কায়ো-মনো-বাক্যে জড়িত হব লগা হয় । এই ক্ষেত্ৰত তেওঁবিলাকক যথাযোগ্য শ্ৰম-মূল্য
প্ৰদান কৰাটো সংগঠনৰ দ্বায়িত্ব থকাটো বাঞ্চনীয় । “আহোম ৰাজত্বৰ কালত সেয়ে পাইক-প্ৰথা
প্ৰচলিত আছিল । এক গোট পাইকত চাৰিজন লোক/পৰিয়াল আছিল । ইয়াৰে প্ৰতি তিনি মাহৰ বাবে
এজনে ৰাজকীয় দ্বায়িত্ব পালন কৰিছিল । বাকী তিনিজনে ৰাজ দ্বায়িত্বত থকা জনৰ পৰিয়ালক
পোহপাল দিছিল ।” এই ঐতিহ্যক আগত ৰাখি সংগঠনে শ্ৰম বিভাজন কৰিব আৰু সংগঠনৰ দ্বায়িত্ববাহীসকলৰ
শ্ৰমৰ হিচাপ ৰাখিব । তদ অনুসাৰে, তেখেতসকলৰ শ্ৰমৰ স্বীকৃতি বাৰ্ষিক সভাত দাখিল কৰিব
। এই প্ৰতিবেদনৰ ভিত্তিত সংগঠনে পুৰষ্কাৰ, মান-পত্ৰ, অৰ্থ-মুল্য আদিৰে সন্মান জনাব
।
অনুচ্ছেদ
– ১৪
১৫। আইনী উপদেষ্টা : সংগঠনৰ কপিৰাইট, বৌদ্ধিক সম্পত্তিৰ অধিকাৰ, জিঅ’গ্ৰাফিকেল ইণ্ডিকেশ্বন
(GI) আদিৰ সা-সুবিধা; মাটি-ঘৰ আদি স্থাৱৰ সম্পত্তি, আদালত/চৰকাৰী/বেচৰকাৰী অনুষ্ঠান/সন্থা
তথা অনুষ্ঠানৰ আয়োজকৰ লগত চুক্তি-পত্ৰ আদিত বিভিন্ন আইনী ব্যৱস্থাৰ ক্ষেত্ৰত সাহাৰ্য্যৰ
অৰ্থে এখন দুজনীয়া আইনী উপদেষ্টা সমিতি থাকিব । আইনী উপদেষ্টা সমিতিয়ে সভাপতি আৰু সম্পাদকৰ
লগত আলোচনা-বিলোচনা কৰি সকলো সমস্যা সমাধান কৰিব ।
অনুচ্ছেদ
– ১৫
১৬। হিচাপ পৰীক্ষক : ১। সমিতিৰ কাৰ্য্যকালৰ অন্তত বাৰ্ষিক আয়-ব্যয়ৰ হিচাপ-নিকাচ পৰীক্ষা
কৰিবলৈ সভাই দুজন (২) দক্ষ ব্যক্তিক হিচাপ পৰীক্ষক হিচাপে (আভ্যন্তৰিণ হিচাপ পৰীক্ষক)
মনোনিত কৰিব । হিচাপ পৰীক্ষকৰ দ্বাৰা পৰীক্ষাকৃত হিচাপহে যোগ্য হব ।
২। তাৰোপৰি চৰকাৰী/বেচৰকাৰী অনুদান বা আঁচনিৰ পৰা
অহা ধন লেনদেনৰ বেলিকা সমিতিয়ে নিৰ্দ্দিষ্ট প্ৰচলিত নীতি অনুসৰি চাৰ্টাড একাউণ্টৰ হতুৱাই
বছৰেকীয়া বেলেঞ্চ-চিট প্ৰস্তুত কৰাব লাগিব ।
অনুচ্ছেদ
– ১৬
১৭। কোষাধক্ষ্য : কেন্দ্ৰ/সমিতিৰ প্ৰয়োজনবোধে সভাই জ্ঞানপুষ্ট, ন্যায়পৰায়ণ,
সাত্বিক এজন ব্যক্তিক কোষাধক্ষ্য হিচাপে মনোনিত কৰিব ।
অনুচ্ছেদ
– ১৭
১৮। সংবিধান সংশোধন : সংবিধানখন স্থান-কাল-পাত্ৰ আৰু পৰিবেশ অনুযায়ী সংযোজন, বিযোজন,
পৰিবৰ্দ্ধন, পৰিমাৰ্জন আদিৰ প্ৰয়োজনীয়তা বোধ কৰিলে কাৰ্য্যনিৰ্বাহক সভাই যথোপযুক্ত
প্ৰস্তাৱ সাধাৰণ সভাত দাঙি ধৰিব । প্ৰয়োজনবোধে সাধাৰণ সভাই সংবিধান সংশোধন সমিতি গঠন
কৰি দিব । সংবিধান সংশোধন সমিতিৰ প্ৰতিবেদন সভাত গৃহীত হলে সংশোধনী প্ৰস্তাৱ গৃহীত
হব ।
অনুচ্ছেদ – ১৮
১৯। শপত গ্ৰহণ :
ব্যাস ওজাপালিৰ শিল্পীসকলৰ ন্যায্য অধিকাৰ
অনুষ্ঠানৰ আয়োজক, গণ-মাধ্যম
তথা গৱেষকসকলৰ কাৰণে নীতিগত নিয়মাৱলী আৰু ব্যৱহাৰিক নিৰ্দেশিকা
আমাৰ
দেশত বহু শতাব্দীৰ পৰা চলি থকা গাথা-জাগৰ সমৃদ্ধ তৌৰ্যাত্ৰিক “ব্যাস ওজাপালি” । বিখ্যাত
ব্যাস ওজাপালিক ইউনেস্কোৰ মানৱজাতিৰ প্ৰতিনিধিত্বমূলক সাংস্কৃতিক ঐতিহ্যবাহী পৰম্পৰাৰ
তালিকাত স্থান দিবলৈ প্ৰয়াস কৰি থকা হৈছে । ব্যাস ওজা আৰু পালি তথা ঐতিহ্যবাহী জাগৰ
গীত, মালসী গীত, মহাকাব্যৰ পদ, মুদুৰা যন্ত্ৰ, তাল-বাদ্য, সাঁজ-পোচাক, অলঙ্কাৰ আৰু
মুদুৰা-তালবাদ্য-শিপিনী-অলঙ্কাৰ নিৰ্মাতাসকলৰ প্ৰতিজনেই ব্যাস ওজাপালিৰ ঐতিহ্যৰ অন্তৰ্ভূক্ত
।
যদিও
:
১। এই ওজাপালিৰ অনেক
শিল্পীয়ে চলচ্চিত্ৰ/ভিডিঅ’ তথা অন্যান্য মঞ্চত তেওঁলোকৰ অনুষ্ঠান ব্যৱহাৰ কৰাৰ বাবে
কোনো স্বীকৃতি নাপায় ।
২। আনকি ভালেমান শিল্পীয়ে
পৰিবেশিত অনুষ্ঠানৰ বাবদ যথাযোগ্য পাৰিশ্ৰমকো নাপায় ।
আমি
যিখিনি বিচাৰোঁ :
১। ব্যাস ওজাপালিৰ অনুষ্ঠান জীৱিত থাকক ।
২। জনগণে ব্যাস ওজাপালিৰ মান-মৰ্যাদা বুজি উঠক ।
৩। জনগণে ব্যাস ওজাপালিৰ ঐতিহ্যক সন্মান জনাওঁক ।
৪। পৰিবেশিত অনুষ্ঠানৰ বিপৰীতে যথাযোগ্য পাৰিশ্ৰমিক
প্ৰদান কৰক ।
৫। শিল্পীক জনগণে সন্মানজনক ব্যৱহাৰ কৰক ।
৬। আমাৰ কামখিনি অইনে
বাণিজ্যিক প্ৰয়োগ কৰি অৰ্জ্জন কৰা লাভাংশ শিল্পীসকলৰো মাজত ভাগ কৰি লবলৈ দিয়ক ।
অনুষ্ঠানৰ
আয়োজকসকলে আমাক সহায় কৰিব পাৰে :
১। শিল্পীক সন্মানজনক ব্যৱহাৰ দিয়ক ।
২। ব্যাস ওজাপালিৰ ঐতিহ্যক সন্মান কৰক ।
৩। অনুষ্ঠানৰ উপযুক্ত তথা নিৰাপদ ঠাইৰ ব্যৱস্থা কৰক
।
৪। জনগণক ব্যাস ওজাপালিৰ
তাৎপৰ্য আৰু গুৰুত্ব সম্পৰ্কে প্ৰচাৰৰ দিহা কৰক ।
৫। পৰিবেশিত অনুষ্ঠানৰ যথাযোগ্য সন্মানজনক পাৰিশ্ৰমিক
প্ৰদান কৰক ।
৬। শিল্পীৰ কামৰ গুণমানৰ স্বীকৃতি আৰু প্ৰশংসা কৰক
।
৭। প্ৰকৃত পৰম্পৰাগত
ব্যাস ওজাপালিৰ শিল্পীসকলৰ অনুষ্ঠানহে পৰিবেশন কৰাৰ ব্যৱস্থা কৰক ।
ব্যাস
ওজাপালিক লৈ যিসকলে গৱেষণা, সংবাদ পৰিবেশন, চলচ্চিত্ৰ নিৰ্মাণ তথা টিভি অনুষ্ঠান কৰিছে,
তেওঁলোকে আমাক সহায় কৰিব পাৰে :
১। শিল্পীক সন্মানজনক ব্যৱহাৰ দিয়ক ।
২। ব্যাস ওজাপালিৰ ঐতিহ্যক সন্মান কৰক ।
৩। জনগণক ব্যাস ওজাপালিৰ
তাৎপৰ্য আৰু গুৰুত্ব সম্পৰ্কে প্ৰচাৰৰ দিহা কৰক ।
৪। ব্যাস ওজাপালিৰ
শিল্পীসকলৰ দীঘ-বাণি প্ৰকল্পত আমাৰ সহযোগ আৰু পৰামৰ্শ গ্ৰহণ কৰক ।
৫। পৰিবেশিত অনুষ্ঠানৰ যথাযোগ্য সন্মানজনক পাৰিশ্ৰমিক
প্ৰদান কৰক ।
ঐতিহ্যবাহী পৰম্পৰাৰ নৈতিক ভিত্তি সংক্ৰান্তৰ বুনিয়াদী নীতি-নিয়ম
–
ইউনেস্ক’ৰ
ইণ্টেনজিব’ল হেৰিটেজ কনভেনশ্বনৰ নৈতিক নীতি-নিয়ম (২০১৫) অনুসাৰে ৰচিত :
১।
ঐতিহ্যবাহী সাংস্কৃতিক পৰম্পৰাবোৰ অনুশীলন
তথা সম্প্ৰচাৰ মানৱধিকাৰ, পৰিৱেশ আৰু মানুহৰ মাজত থকা পাৰস্পৰিক শ্ৰদ্ধাৰ নীতি মানিহে
হয় ।
২।
থলগিৰী জনগণ(গোষ্ঠী আৰু য’ত প্ৰযোজ্য, ব্যক্তিসহ)-এ
তেওঁলোকৰ সাংস্কৃতিক ঐতিহ্যবিলাক কি আৰু তাৰ গূঢ়াৰ্থ তথা মূল্যৰ বেলিকা সিদ্ধান্ত লব
।
৩।
নিজৰ ঐতিহ্যবাহী সাংস্কৃতিক পৰম্পৰাবোৰ ৰক্ষা
কৰাৰ বেলিকা থলগিৰী জনগণে মূল ভূমিকা লব আৰু সেইটো কৰিবলৈ তেওঁলোকক উপযুক্তভাৱে সহায়
কৰা উচিত ।
৪।
থলগিৰী জনগণেও তেওঁলোকৰ ঐতিহ্যবাহী সাংস্কৃতিক
পৰম্পৰাৰ প্ৰতি পাৰস্পৰিক সন্মান বজাই লৈ ঐতিহ্যক সুৰক্ষা কৰিব লাগিব ।
৫।
অংশগ্ৰহণ, খোলাখুলিভাৱে আলোচনা আৰু আগতীয়াকৈ
থলগিৰী জনগণৰ সন্মতি লৈ এইবোৰ ৰক্ষা কৰাৰ কামত হোৱা উচিত ।
৬।
ঐতিহ্যবাহী সাংস্কৃতিক পৰম্পৰাবিলাকৰ সুৰক্ষাৰ
কামত থলগিৰী জনগণৰ সহযোগীতা, সংলাপ, আলোচনা-পৰামৰ্শৰ যোগেদি আগুৱাই যোৱা উচিত ।
৭।
নিজৰ ঐতিহ্যবাহী সাংস্কৃতিক পৰম্পৰাবিলাকক
লৈ কাম কৰাৰ সময়ত সেইবোৰৰ গোপনীয়তা আৰু সূক্ষ্মতা বজাই ৰাখি থলগিৰী জনগণ আগুৱাব লাগিব
।
৮।
নিজৰ ঐতিহ্যবাহী সাংস্কৃতিক পৰম্পৰাবিলাক
তুলি ধৰাৰ বাবে থলগিৰী জনগণে নিয়মিতভাৱে কামৰ উপকৰণ বা সৰঞ্জাম, প্ৰাকৃতিক সম্পদ আৰু
স্মৃতি বিৰজিত স্থানসমূহক তেওঁলোকৰ প্ৰয়োজন অনুযায়ী ব্যৱহাৰ কৰা উচিত ।
৯।
থলগিৰী জনগণসকলক তেওঁলোকৰ পৰম্পৰাগত সাংস্কৃতিক
ঐতিহ্য তথা গুণৰ ভিত্তিত উপযুক্তভাৱে স্বীকৃতি দিয়া উচিত আৰু ইয়াক অপ্ৰাসঙ্গিক, বজাৰসৰ্বস্ব
কৰি তোলা, ভুলকৈ উপস্থাপিত কৰা ইত্যাদিৰ বিৰূদ্ধে প্ৰয়োজনীয় সতৰ্কতা লোৱা উচিত ।
১০।
থলগিৰী জনগণসকলৰ তেওঁলোকৰ ঐতিহ্যবাহী সাংস্কৃতিক
পৰম্পৰাবিলাকৰ পৰা নৈতিক তথা বস্তুগত উপকৃত হোৱা উচিত, বিশেষকৈ যেতিয়া থুলৰ মানুহ তথা
অন্যান্যসকলে ইয়াক ব্যৱহাৰ কৰে অথবা তেওঁলোকৰ জীৱনৰ অঙ্গ হিচাপে লয় ।
১১। নিজৰ ঐতিহ্যবাহী সাংস্কৃতিক পৰম্পৰাবিলাক সুৰক্ষিত
কৰা, ব্যৱহাৰ কৰা আৰু বিলাই দিয়াৰ ক্ষেত্ৰত থলগিৰী জনগণ উপকৃত হলে সেইটো তেওঁলোকে সম্ভাৱে
ভাগ কৰি নিয়া উচিত ।
[1] ইংৰাজীত লিখিবলৈ হ’লে – Vyah Ojapali Research & Training Center: Vayahpara
[2]
এই ক্ষেত্ৰত অগ্ৰজ ব্যাস ওজা গঙ্গাধৰ
শৰ্ম্মা আৰু বৰদৌলগুৰিৰ “ৰঙা চন্দন” গাওঁৰ ওজা হলিৰাম শৰ্ম্মাৰ দ্বাৰা সংৰক্ষিত থকা
“মুদ্ৰা আধ্যা” নামৰ হস্তমুদ্ৰাৰ সাঁচিপতীয়া পুথিৰ সকলোখিনি আইনী নিয়ম-কানুনৰে উত্তৰাধিকাৰীক
অধিকাৰ প্ৰদানৰ পাচত সংৰক্ষণ, পাঠোদ্ধাৰ আৰু মুদ্ৰণৰ উপযুক্ত দিহা কৰা ।
[3] এই ক্ষেত্ৰত যাৱতীয় আইনী নিয়ম-কানুনৰে উত্তৰাধিকাৰীক অধিকাৰ সাব্যস্ত কৰি সংৰক্ষণ আৰু তদ সম্বন্ধীয় সকলোখিনি চৰকাৰী/বেচৰকাৰী বিভাগৰ পৰা অনুদান লাভ কৰাত সহযোগ প্ৰদান কৰা ।
0 Comments