ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যৰূপে বিহুক মান্যতাপ্ৰদানৰ প্ৰদক্ষেপ
দিলীপ চাংকাকতি
অসমৰ
বিহু বিশ্ব-ঐতিহ্য হবলৈ আগবাঢ়িছে । বিগত ২০২০ চনৰ চেপ্তেম্বৰ ২০ তাৰিখ, ভাৰতীয় মান-সময়
আবেলি ৫:০০ বাজিছে । আমাৰ নকৈ গঠিত ইক’মচ নৰ্থ-ইষ্ট শাখাই ইক’মচ ইণ্ডিয়া আৰু আইচিআইচিএইচ্
ইক’মচৰ সহযোগত “বিহু”ৰ ওপৰত ‘জুম-এপ’ৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় ৱেবিনাৰ আৰম্ভ কৰিলে ।
বিহুক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত স্থাপন কৰিলে ।
ইক’মচ
কি? ইক’মচৰ লগত ইউনেস্ক’ৰ সম্বন্ধ কি? আইচিআইচিএইচ্ কি? কিয়নো আমিবোৰে অসমৰ বাপতি-সাহোন
বিহুক ইক’মচৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চত দাঙি ধৰিছোঁ? আদি অলেখ প্ৰশ্ন আপোনালোকৰ মনত দোলা
দিছে নহয় জানোঁ!
আমি
জানোঁ যে ইউনেস্ক’ মানে হ’ল “সংযুক্ত ৰাষ্ট্ৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংগঠন”
। ১৯৭২ চনৰ পৰা এই সংগঠনটো বিশ্বৰ সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্যবোৰ সংৰক্ষণৰ পৰামৰ্শদাতা
হিচাপে নিয়োজিত । বিশ্বৰ সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্যবোৰ চিনাক্তকৰণ, সংৰক্ষণ,
উপস্থাপন আদি বিশ্ববাসীত অৱগত কৰিবলৈ বিষয়ৰ বিশেষত্ব অনুযায়ী প্ৰতি বছৰে সংগঠনটোৰ
“বিশ্ব-ঐতিহ্য” তালিকাত অন্তৰ্ভুক্ত কৰে
। আনহাতে, ইক’মচ অৰ্থাৎ ইণ্টাৰনেচনেল কাউঞ্চিল অন মনুমেণ্ট এণ্ড চাইট হ’ল ইউনেস্ক’
পৰামৰ্শদাতা এখন ৱৰ্ল্ড হেৰিটেজ কমিটি, যিয়ে ঐতিহ্য সংৰক্ষণ বিষয়ক নীতি নিৰ্দ্ধাৰণ
কৰে । ইক’মচে কোনো এটা বিষয়ক সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ সম্পাদনৰ বাবে সহযোগ কৰে ।
বিশ্বত ভিন ভিন বিষয়ৰ ওপৰত বহুবোৰ সমিটিৰ দ্বাৰা ইক’মচে নিজৰ লক্ষ্য পূৰ্ত্তি কৰি আছে
। প্ৰায় অৰ্দ্ধ শতিকা জুৰি ইক’মচে তাত্বিক তথা ব্যৱহাৰিকভাবে সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ
দিশত কাম কৰি আছে । এতিয়া আহোঁ আইচিআইচিএইচ্ বিষয়লৈ - আইচিআইচিএইচ্ মানে ইণ্টাৰনেচনেল
কমিটি অৱ ইণ্টেঞ্জিৱ’ল কালচাৰেল হেৰিটেজ । ইণ্টেঞ্জিৱ’ল কালচাৰেল হেৰিটেজ বা মূৰ্ত
সাংস্কৃতিক ঐতিহ্য হ’ল এনেবোৰ জীৱন্ত সাংস্কৃতিক ঐতিহ্য যিবোৰ মানৱ সমাজত (১) ‘ভাষানুসৰি
মৌখিক পৰম্পৰা আৰু প্ৰকাশ’, (২) ‘পাৰম্পৰিক শিল্প’, (৩) ‘প্ৰদৰ্শন কলা’, (৪) ‘সামাজিক
ব্যৱহাৰ – ধাৰ্মিক আৰু উৎসৱ অনুষ্ঠান’ তথা (৫) ‘প্ৰকৃতি আৰু বিশ্ব সম্বন্ধীয় জ্ঞান
আৰু ব্যৱহাৰ’ বিষয় সামৰি আছে । পৃথিৱীৰ বিভিন্ন দেশৰ বাবে থকা ইক’মচৰ এই “ইণ্টেঞ্জিৱ’ল
কালচাৰেল হেৰিটেজ” বিষয়টোত সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ সম্পাদনৰ বাবে সহযোগ কৰিবলৈ
যিখন আন্তঃৰাষ্ট্ৰীয় সমিটি আছে তাক “আইচিআইচিএইচ্ – ইক’মচ” নামেৰে জনা যায় । আজিৰ
তাৰিখত এই সমিটিত ৬৭ জন বিশেষজ্ঞ আৰু ৩ জন সহযোগী সদস্য আছে । ইয়াৰে ৯ গৰাকী আমাৰ ভাৰতবৰ্ষৰ
আৰু এই ৯ গৰাকীৰ মাজত আমি দুজন অসমৰ বিশেষজ্ঞ সদস্য আছোঁ । এজন হ’ল এই লেখক আৰু আনজন
ডঃ সঞ্জীৱ কুমাৰ বৰকাকতী । আনহাতে এই সমিটিৰ বৰ্তমানৰ সভাপতিজন আমাৰ ভাৰতবৰ্ষৰ; নাম
শ্ৰী মনীশ পণ্ডিত ।
চিত্ৰ – ১ : আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ ৱেব-পেজত বিহুৰ
ফটো
দৰাচলতে,
আমি অসমৰ পৰা ২০২০ আৰু ২০২১ চনত তিনিখন আন্তঃৰাষ্ট্ৰীয় স্তৰৰ ৱেবিনাৰ য’ত সমগ্ৰ পৃথিৱীৰ
পৰা “আইচিআইচিএইচ্ – ইক’মচ”ৰ বিশেষজ্ঞ আৰু সহযোগী সদস্য উপৰি ভালেমান গুণী-মানী আৰু
সাধাৰণ ৰসিক দৰ্শকে ভাগ লৈ তেওঁলোকে বিষয়কিটা “বিশ্ব ঐতিহ্য” হব পাৰে বুলি একমুখে স্বীকাৰ
কৰিছে । আমাৰ ইক’মচ নৰ্থ-ইষ্ট শাখাই দাঙি ধৰা বিষয়কিটা হ’ল – বিহু, বৰগীত আৰু মায়ঙৰ
যাদু । ৱেবিনাৰবিলাকৰ পাচতেই প্ৰায়বোৰ দৰ্শক, বিশেষজ্ঞ আৰু সহযোগী সদস্যই পহিলাতে আমিবোৰক
বিহু আৰু বৰগীতৰ ডচিয়াৰ দাখিল কৰিবলৈ অনুৰোধ কৰিছে ।
ইউনেস্ক’ৰ
দ্বাৰা ভাৰতৰ এতিয়ালৈকে ইণ্টেঞ্জিৱ’ল কালচাৰেল হেৰিটেজ বিষয়ক “বিশ্ব ঐতিহ্য” তেৰটা
ক্ষেত্ৰক স্বীকৃতি দিছে । ইবোৰ হ’ল – ২০০৮ চনত কুত্তিয়ত্তম্ – সংস্কৃত নাট, পাৰম্পৰিক
বৈদিক মন্ত্ৰপাঠ আৰু ৰামলীলা; ২০০৯ চনত গাৰোৱাল হিমালয়ৰ ৰাম্মন; ২০১০ চনত চাওঁ নৃত্য,
ৰাজস্থানৰ কালবেলিয়া লোকগীত-নৃত্য আৰু কেৰেলাৰ মুদিয়াট্টু; ২০১২ চনত লাডাখৰ বৌদ্ধ মন্ত্ৰপাঠ;
২০১৩ চনত মণিপুৰৰ সংকীৰ্ত্তন; ২০১৪ চনত পানাজীৰ পাৰম্পৰিক পিতল আৰু তামৰ পাত্ৰ নিৰ্ম্মাণ;
২০১৬ চনত নোৱাৰুজ আৰু যোগ; ২০১৭ চনত কুম্ভ মেলা তথা ২০২১ চনত কলিকতাৰ দুৰ্গা-পূজা ।
চিত্ৰ – ২ : ৱেবিনাৰৰ দুখন ফটো
এতিয়া
আহোঁ কিয় অসমৰ বাপতি-সাহোন বিহুক ইক’মচৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চত দাঙি ধৰিছোঁ । আমাৰ বিহু
উৎসৱটো ‘সামাজিক ব্যৱহাৰ – ধাৰ্মিক আৰু উৎসৱ অনুষ্ঠান’ বিষয়ৰ অন্তৰ্গত । আনহাতে, ইউনেস্ক’ৰ
২০০৩ চনৰ মূৰ্ত্ত সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণৰ যি নীতি নিৰ্দ্ধাৰণ কৰিছে সেই সকলোবোৰ
চৰিত্ৰ “বিহু”ৱে পূৰণ কৰে । ইচ্ছুক পঢ়ুৱৈয়ে ইউনেস্ক’ৰ অফিচিয়েল ৱেব’ চাইটত গৈ চাব পাৰে
। গতিকতে অমিবোৰ “বিহু” যথাযোগ্য স্বীকৃতি আৰু ঐতিহ্যৰ সংৰক্ষণ সম্পাদনৰ বাবে সহযোগ
কৰিবলৈ আৰম্ভ কৰি দিলোঁ । এই প্ৰথম প্ৰদক্ষেপত আমি ইকমচ্ নথ-ইষ্ট শাখাই ২০২০ চনৰ চেপ্তেম্বৰ
২০ তাৰিখে বিয়লি ৫:০০ বজাৰ পৰা দুঘণ্টা ব্যাপি এখন আন্তঃৰাষ্ট্ৰীয় ৱেবিনাৰ পাতিছিলোঁ
। ইয়াত তিনিটা দিশ দাঙি ধৰিছিলে তিনিজন পেনেলিষ্টে – ১। বিহু নৃত্য আৰু গীতৰ অৱলোকণ
– ডঃ প্ৰদীপ নেওগ; ২। বিহুৰ উৎপত্তি আৰু ক্ৰমবিকাশ – দীনেশ গগৈ তথা ৩। বিহু উৎসৱত ব্যৱহাৰ
হোৱা আ-অলঙ্কাৰ – মৃদু মৌচম বৰা । ৱেবিনাৰ সফল হোৱাত আমি ইক’মচ নৰ্থ-ইষ্ট শাখাই ইক’মচ
ইণ্ডিয়া আৰু আইচিআইচিএইচ্ ইক’মচৰ সহযোগত “বিহু”ৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় স্তৰৰ অনলাইন ৰচনা প্ৰতিযোগিতা অনুস্থিত কৰোঁ । তিনিটা
স্তৰৰ প্ৰতিযোগীসকলক ভাগ কৰা হৈছিল - স্মাতক, স্মাতকোত্তৰ আৰু প্ৰবাসী অসমীয়া স্মাতক
তথা স্মাতকোত্তৰ শিক্ষাৰ্থী । বিষয়বোৰ যথাক্ৰমে আছিল - “মুৰ্ত্ত সাংস্কৃতিক ঐতিহ্য
হিচাবে বিহুৰ বুৰঞ্জী আৰু ক্ৰমোন্নতি”, “ইউনেস্ক’ৰ প্ৰতিনিধিত্ব কৰা তালিকাত মুৰ্ত্ত
সাংস্কৃতিক ঐতিহ্য হিচাবে বিহুক কিয় অন্তৰ্ভুক্ত কৰিব লাগে?” আৰু “পৃথিৱীৰ অন্য প্ৰান্তত
উদ্যাপিত বিহুৰ নিচিনা উৎসৱ” । ইয়াত ভালেমান সঁহাৰি পোৱা হৈছিল । প্ৰতিযোগীতাৰ ফলাফল
বিগত ২০২১ চনৰ জুলাই মাহত ঘোষণা কৰা হৈছিল । কিন্তু ক’ভিট অতিমাৰী হেতু ২০২২ চনৰ ফেব্ৰুৱাৰী
মাহৰ ২৮ তাৰিখে গুৱাহাটী প্ৰেছ ক্লাৱত বঁটা-বিতৰণী অনুস্থান পাতিবলৈ সক্ষম হৈছিলোঁ
।
চিত্ৰ – ৩ : বিহু অনলাইন ৰচনা প্ৰতিযোগীতাৰ বঁটা-বিতৰণী অনুস্থান
এইখিনিলৈ
আমি ইক’মচৰ তৰফৰ পৰা বিহুক প্ৰচাৰ আৰু বিষয়-বস্তুক সমৰ্থন তথা সংৰক্ষণৰ প্ৰায়োজনীয়তা
সম্বন্ধীয় এটা পৰিৱেশৰ সৃষ্টি কৰা হ’ল । কিন্তু দেখা গৈছে যে ইউনেস্ক’ৰ ৰিপ্ৰেজেণ্টেটিভ
লিষ্টত স্থান লাভ কৰিবলৈ হলে সাংস্কৃতিক মন্ত্ৰণালয়, ভাৰত চৰকাৰৰ “মূৰ্ত্ত সাংস্কৃতিক
ঐতিহ্য”ৰ তালিকাত বিষয়-বস্তুৱে স্থান লাভ কৰিবলৈ লাগিব । এই তালিকাত অসম প্ৰদেশৰ ৬টা
বিষয় আছে । ইবোৰ হ’ল – সত্ত্ৰীয়া সঙ্গীত-নৃত্য আৰু নাটক, খোল, জোনবিল মেলা, অঙ্কীয়া
নাট, পঁচতি আৰু দীপৰ বিলৰ লোক-গাথা । অতঃ ইয়াৰ মাজত বিহুক অন্তৰ্ভুক্ত কৰিব লাগিব ।
সে্যে আমি আইচিআইচিএইচ্ ইক’মচৰ বিশেষজ্ঞ হিচাপে যোৱা বছৰৰ ডিচেম্বৰ মাহৰ ২২ তাৰিখে
বিহুক অন্তৰ্ভুক্ত কৰিবলৈ আৱেদন কৰিছোঁ । এই তালিকাভুক্ত হোৱাৰ পাচতহে অসম চৰকাৰৰ তৰফৰ
পৰা ইউনেস্ক’ৰ ৰিপ্ৰেজেণ্টেটিভ লিষ্ট আৰু ১৯৭২ চনৰ বিশ্ব সাংস্কৃতিক আৰু প্ৰাকৃতিক
ঐতিহ্য সংৰক্ষণৰ পৰামৰ্শৰ অনুযায়ী বিষয়বোৰ ব্যাখ্যা কৰি আৱেদন সাংস্কৃতিক মন্ত্ৰণালয়,
ভাৰত চৰকাৰৰ যোগে ইউনেস্ক’ৰ মজিয়াত পেশ কৰিব লাগিব । বিহুৰ বেলিকা যিহেতু আইচিআইচিএইচ্ ইক’মচ্ৰ প্ৰায়বোৰ বিশেষজ্ঞ
আৰু সহযোগী সদস্যৰ সমৰ্থন আছে ; আনহাতে বুৰ’ মেম্বৰখিনিৰো অতিকে আগ্ৰহ আছে – আমি আশা
কৰোঁ বিহুৱে কোনো বাধা-বিঘিনি নোপোৱাকৈ সহজে “বিশ্ব ঐতিহ্য”ৰ খিতাপ আহৰণ কৰিব পাৰিব
।
এতিয়া আহোঁ বিহুৱে বিশ্ব-ঐতিহ্য স্বীকৃতি পালে আমাৰ কি লাভ
হব ? এই ক্ষেত্ৰত আমি সকলোবোৰ দিশ ফঁহিয়াই চাবলৈ গলে এই আলোচনীখনৰ ঠাইৰ অকুলন হব ।
অতঃ মাত্ৰ দুটা দিশ থোৰতে চমুকে দাঙি ধৰোঁ – ১। বিহুৰ পৰা বজাৰ আৰু ২। বিহু আৰু পৰ্য্যটন
।
১। বিহুৰ পৰা বজাৰ : সম্পদবোৰ বজাৰমুখী নকৰিলে বিষয়ৰ লগত সাঙোৰ
খাই থকা সকলৰ জীৱন-ধাৰণ আৰু সামাজিক দায়বদ্ধতাৰ পৰা আঁতৰি থকাটো প্ৰায়ে দেখা যায় ।
অতঃ, আজিৰ পৰিৱেশত বিষয়বোৰ বজাৰমুখী হোৱাটো সকলোৱে বাঞ্চা কৰে । এই পৰ্য্যায়টো পাবলৈ
হলে বিহুৰ লগত জড়িত থকা বিষয়, মানৱ-সম্পদ, পৰিৱেশ, স্থান আদি সকলোবোৰ তথ্য এটা চাবি
টিপিলেই পোৱাকে ৰাখিব লাগিব । সকলো তথ্য “জিঅ’ টেগিং” কৰিব লাগিব । সম্ভৱ স্থলত বিষয়বোৰৰ
চমু বিৱৰণ পোৱাৰো ব্যৱস্থা কৰিব লাগিব ।
বিহুৰ নাচৰ কাপোৰবোৱা শিপিনি, দোকান, বজাৰ; বিহুগীতৰ কিতাপৰ
দোকানীজন, ছপাশালটো; ঢোল, পেঁপা, গগনা আদি বাদ্যযন্ত্ৰৰ কাৰিকৰ, দোকান; বহগী মেলা,
বজাৰ আদি; বিহুতলীসমূহ; বিহু নাচ-গান শিক্ষানুস্থান, গুৰুসকল, শিল্পীসকল আদি নানান
তথ্য জিঅ’ টেগিং কৰি মেপ বনাব লাগিব । ইয়াৰ দ্বাৰা ইচ্ছুক ব্যক্তিয়ে এটা মাথো বুটাম
টিপি সকলো তথ্য আহৰণ কৰি ক্ৰেতা-বিক্ৰেতাৰ মাজত সংযোগ সাধন কৰিব পাৰিব ।
২। বিহু আৰু পৰ্য্যটন : জিঅ’ টেগিঙৰ দ্বাৰা ইচ্ছুকে কোন কোন
স্থানত, কোন সময়ত বিহু নাচ-গানৰ অনুস্থান উপভোগ কৰিব পাৰিব, কোন স্থানত ভেলাঘৰ, মেজি
তথা ধৰ্ম্মীয় পৰম্পৰা আদিৰ বতৰা, কাতি বিহুৰ সময়ত হোৱা পাৰম্পৰিক ৰীতি-নীতি আদি নিজ
চকুৰে চাবলৈ আহিব । ইয়াৰ দ্বাৰা উৎসৱ ভিত্তিক পৰ্য্যটনৰ ক্ষেত্ৰ এখন ব্যাপক সম্ভৱনা
দেখা যায় ।
থোৰতে কবলৈ গলে এই সম্ভৱনাখিনিটো মাথো এপাচি শাকত এটা জালুক
মাথো । বিহু বিশ্ব ঐতিহ্য হলে আৰু অসংখ্য দুৱাৰ মুকলি হব ই ধুৰুপ ।
আজি আমি কেইদিনমানৰ পৰা আমাৰ অসম চৰকাৰ এই বিষয়ে কিঞ্চিৎ আগ্ৰহ
দেখা পাইছোঁ; ৰাইজ, ক্ৰেতা-বিক্ৰেতা, শিল্পী-গুৰু সকল, দোকানী-পোহাৰী, শিপিনি-বেপাৰী
আদি সমাজৰ সকলো স্তৰৰ লোকে সহযোগীতা কৰিলে অতি সোনকালে বিহুৱে বিশ্ব ঐতিহ্যৰ বাব আঁজুৰি
আনিব পাৰিব বুলি আমাৰ দৃঢ় বিশ্বাস আছে । আশা কৰোঁ আমাৰ সকলোৱে এই সুযোগৰ সদ্ ব্যৱহাৰ
কৰে যেন ।
0 Comments