বৰগীতত ব্যৱহাৰ কৰা তালৰ অধ্যয়ন : দিলীপ চাংকাকতি

 বৰগীতত ব্যৱহাৰ কৰা তালৰ অধ্যয়ন

 

দিলীপ চাংকাকতি





অসমত অস্পষ্ট সাংস্কৃতিক ঐতিহ্যৰ অভাৱ নাই । তেনে এক ঐতিহ্য হ'ল মহাপুৰুষ শঙ্কৰদেৱ আৰু মাধৱদেৱৰ "বৰগীত" । বৰগীত মানে কি ?  বাদ্য-প্ৰদীপৰ ৰচক যদুপতিৰ মতে ই ভাল-সঙ্গীত যদুপতিয়ে কৈছে গায়ন, বায়ন, নৰ্তক, মৃদঙ্গ আৰু কাঁহৰ তালৰ সমন্বয়ত ভাল-সঙ্গীত হয় একেধৰণে কথাষাৰ সমৰ্থন কৰি শাৰঙ্গদেৱে সঙ্গীত-ৰত্নাকৰত কৈছে যে মাৰ্গ-সঙ্গীতৰ লগত কাঁহৰ তালেৰে সঙ্গত কৰা নিয়ম আছিল । এই ভাল-সঙ্গীত বা মাৰ্গ-সঙ্গীতক গান্ধৰ্ব্ব সঙ্গীত বা সৰগীয় সঙ্গীত বুলিও কৈছিল ।

 

আমাক সাধাৰণ লোকে প্ৰশ্ন কৰে যে বৰগীত হিন্দুস্থানী সঙ্গীতৰ দৰে গাব কিয় নোৱাৰি? হিন্দুস্থানী সঙ্গীতৰ বুৎপত্তি ষোড়শ শতিকাৰ ধ্ৰুপদ গায়নৰ পৰা হৈছিল । তেনেকৈ ধ্ৰুপদ গায়নৰ বুৎপত্তি ত্ৰয়োদশ শতিকাৰ প্ৰৱন্ধ গায়নৰ পৰা হৈছিল । আমাৰ বৰগীতৰ ভাষা ব্ৰজাৱলী, যাক মগধী মূলৰ পৰা বুৎপত্তি হৈছে বুলি পণ্ডিতসকলে কয় । ই ত্ৰয়োদশ শতিকাৰ বুলি কোৱা হয় । এই ব্ৰজাৱলী ভাষা ৰচিত বৰগীতত ত্ৰয়োদশ শতিকাৰ প্ৰৱন্ধ গায়নৰ ৰীতি-নীতি খাপ খায় । আৰু আনহাতে, ষোড়শ শতিকাত ধ্ৰুপদ গায়নৰ মাৰ্গীয় স্বৰূপটো হ’ল প্ৰৱন্ধ গায়ন । বোধহয় সেয়ে মহাপুৰুষ দুজনাই তেতিয়াৰ মাৰ্গীয় সঙ্গীত প্ৰৱন্ধ গায়নক বৰগীতৰ স্বৰূপত ৰাখি থৈ গ’ল । কিন্তু সকলো বৰগীত গায়ন শৈলী প্ৰৱন্ধ গায়নৰ দৰে নহয়; মাথো প্ৰসঙ্গীয়া বৰগীতহে এই শৈলীৰ । তেতিয়া হ’লে আমি শুনি থকা বৰগীতবোৰ বৰগীত নহয় নেকি? হয় সেইবোৰো বৰগীত; কিন্তু গায়ন শৈলী বেলেগ । কেনেকৈ? আমি জানোঁ যে প্ৰৱন্ধ গায়ন বিৱৰ্তন হৈ ধ্ৰুপদ, ধ্ৰুপদ গায়ন বিৱৰ্তন হৈ হিন্দুস্থানী খেয়াল গায়ন, খেয়াল গায়ন বিৱৰ্তন হৈ ঠুংৰী, তপ্পা, ভজন হ’ল । কেবাটাও ৰাগ আৰু কেবাখনো তালত গোৱা এটা “প্ৰসঙ্গীয়া বৰগীত” বিৱৰ্তন হৈ এটা ৰাগ তথা এখন তালত ঘাট, চোক আদি সহ গোৱা “সাধাৰণ বৰগীত”, এটা ৰাগ তথা এখন তালত গোৱা “ভজনীয়া শৈলীৰ বৰগীত”, আৰু ৰাগ-তাল বিহিন স্বৰান্ত সুৰত গোৱা “প্ৰাৰ্থনা শৈলীৰ বৰগীত” বিৱৰ্তন হৈ আমাৰ সমাজত প্ৰচলন হৈ আছে । সমাজত ৰাতিপুৱা, গধূলি কিম্বা নিশা টোপনি যোৱাৰ সময়ত চহা অসমীয়াজনে ৰাগ-তাল বিহিন স্বৰান্ত সুৰত গোৱা “প্ৰাৰ্থনা শৈলীৰ বৰগীত” সততে শুনিবলৈ পোৱা যায় । বিষয়বস্তুৰ লগত সংহতি ৰাখি আমাৰ আলোচনা মূলতঃ প্ৰসঙ্গীয়া বৰগীতৰ তালৰ মাজতে সীমাবদ্ধ থাকিব ।

 

এতিয়া আহোঁ তাল কি? সহজতে কবলৈ গলে গীতটো সুসম গতিত গাই থাকিবলৈ সময় আধাৰ হিচাপে বান্ধি ৰখা দৰকাৰ । সময় বান্ধি ৰখা পদ্ধতিকে তাল বা ৰিদম্‌ বোলে । আমাৰ হাতত থকা তথ্য অনুসাৰে সত্ত্ৰীয়া পদ্ধতিত থকা তালবোৰ হ’ল – ৰূপক, ৰক্ত (বা ৰচক) তাল, খৰমান, এতালি, দশৱাৰী (বা দহৱাৰী), হ্ৰস্ব এতালি, ত্ৰ্যশ্ৰ এতালি, খৰতাল, দণ্ডি এতালি, ধৰা এতালি, বৰ এতালি, মগলু এতালি, চুটকলা, চুটাতাল, জামান, বিষম, বৰবিষম, সৰু বিষম, জোঁটা বিষম, যোৰ বিষম, আড় বিষম, দোমানি, তিনিমানি, চাৰিমানি, পাঁচমানি, আঠতলা (বা আচ্‌-তলা, আদ্‌-তলা), দোৱাজ, যতি, আৰযতি, খোৰাযতি, ধৰমযতি, মেলাযতি, ঊনযতি, খনযতি, বৰযতি, যতিজামান, পৰিযতি, পৰিতাল, মানপৰি, পৎপৰি,  সুধা (!, শুদ্ধ) গুঞ্জল, ৰূপগুঞ্জল, বৰগুঞ্জল, উল্টাগুঞ্জল, থাকতাল, তেতাল বা ত্ৰিতাল, থগিতাল, ৰেপা তাল, বিৰূপ তাল, মানচোক তাল, ব্ৰ্হ্ম তাল, চোতালি, পঞ্চম চেৱাৰী তাল, খেমটা তাল, গড় খেমটা তাল, দশকোষী তাল, আৰু চাৰিখনীয়া তাল

 

২৬০ বছৰৰ পুৰণি সত্ত্ৰীয়া তালৰ শাস্ত্ৰ যদুপতিৰ বাদ্য-প্ৰদীপত ২৬ খন তাল হ’ল – বিপঞ্চ, ষড়পঞ্চ, আৰযতি, প্ৰতিমাঠ, দশতলা, ৰূপক, খৰমান বা বিপুলা একতাল, এতালি বা চন্দ্ৰিকা একতাল, দশৱাৰী বা ৰামা একতাল, বিষম, বিৰাজ, দোমানি, আঠতলা, দ্বাজ, বৰবিষম, ধৰঞ্চোক, বিযতি, সমতা, বিলৰি বা বিতালৰি, প্ৰোঢ়যতি, গুঞ্জল, ৰূপকগুঞ্জল, থাকতাল, চুটা বা চুটিকলা আৰু খৰতাল । মুখে মুখে বাগৰি অহা অৰ্থাৎ জীৱন্ত সাংকৃতিক ঐতিহ্য স্বৰূপ তথা প্ৰয়োগত বাদ্য-প্ৰদীপৰ বিপঞ্চ, ষড়পঞ্চ, প্ৰতিমাঠ, দশতলা, বিযতি, সমতা, আৰু বিলৰি বা বিতালৰি তালৰ সন্ধান আজিলৈ পোৱা নাই ।

 

আমি বৰগীতক প্ৰৱন্ধ গায়নৰ এটা স্বৰূপ মানি ললে ত্ৰয়োদশ শতিকাৰ সঙ্গীত শাস্ত্ৰই কি কৈছে তাৰোঁ উমান লব লাগিব । সেই সময়ত দুখন সঙ্গীত শাস্ত্ৰই প্ৰসিদ্ধ আছিল – শাৰঙ্গদেৱৰ সঙ্গীত-ৰত্নাকৰ আৰু শুভঙ্কৰ কবিৰ সঙ্গীত-দামোদৰ । যিহেতু শুভঙ্কৰ কবি পূৱ ভাৰতৰ লোক  আৰু সঙ্গীত-দামোদৰ এই অঞ্চলত প্ৰচলিত আছিল । সেয়ে আমি সঙ্গীত-দামোদৰক প্ৰমাণিক পুথি হিচাপে লৈছোঁ । সঙ্গীত-দামোদৰত থকা তালবোৰ হ’ল – চচৎপুট, চাচপুট, ষটপিতাপুত্ৰক, উদ্‌ঘট্টক, সন্নিপাত, কঙ্কণ, কোকিলাৰৱ, ৰাজকোলাহল, ৰঙ্গবিদ্যাধৰ, শচীপ্ৰিয়া, পাৰ্বতীলোচন, ৰাজচূড়ামণি, জয়শ্ৰী, বাদকাকুল, কন্দৰ্প, নলকূৱৰ, দৰ্পণ, ৰতিলোল, মোক্ষপতি, শ্ৰীৰঙ্গ, সিংহবিক্ৰম, দীপক, মল্লিকামোদ, গজলীল, চৰ্চৰী, কুহক্ক, বিজয়ানন্দ, বীৰবিক্ৰম, অঙ্কক, বঙ্গাভৰণ, শ্ৰীকীৰ্তি, বনমালী, চতুৰ্মুখা, সিংহনন্দন, নন্দী, চন্দ্ৰবিম্ব, দ্বিতীয়ক, জয়মঙ্গল, গন্ধৰ্ব, মকৰন্দ, ত্ৰিভঙ্গ, ৰতিতাল, বসন্ত, জগৎঝম্ভ, গাৰূনি, কবিশেখৰ, ঘোষা, হৰবল্লভ, ভৈৰৱ, গত, প্ৰত্যাগত, মল্লতাল, ভৈৰৱমস্তক, সৰস্বতীকণ্ঠাভৰণ, ক্ৰিড়া, নিঃসাৰ, মুক্তাৱলী, ৰঙ্গৰাজ, ভৰতানন্দা, আদিতাল, আৰু সম্পৰ্কেষ্ট ।

 

ইয়াৰ বাহিৰেও দ্বিতীয় স্তৱকত ধ্ৰুৱক, মণ্ডক, প্ৰতিমণ্ড, নিশাৰুক, ৰাসক, প্ৰতিতাল, একতাল, যতি, ভ্ৰমৰী, সুৰমোষিত, অদ্দুতাল, প্ৰতিমস্ত, ৰূপক, অন্নিমাৰুক, অদ্ভূততাল, চুটিকলা, আৰু পঞ্চচামৰ (?,পঞ্চমচেৱাৰী) তালৰ উল্লেখ আছে তাৰ বাহিৰেও ধ্ৰুৱক তালৰ পৰা যতি তাল লৈ অৰ্থাৎ আঁঠখন তালৰ ভিন ভিন প্ৰকাৰৰ উল্লেখ আছে১০

 

ইবোৰ হ'ল ধ্ৰৱক তালৰ পৰা জয়ন্ত, শেখৰ, অৎসাহো, মধুৰ, নিৰ্মল, কুন্তল, কমল, আনন্দ, চন্দ্ৰশেখৰ, সুখদ, কুমোদ, জয়ী, কন্দৰ্প, জয়মঙ্গল, তিলক, আৰু ললিত; মণ্ডক তালৰ পৰা জয়প্ৰিয়, কলাপ, কমল, সুন্দৰ, মঙ্গল, আৰু বল্লভ; প্ৰতিমণ্ড তালৰ পৰা সানন্দ, বিৰাম, দ্ৰুতসৈন্য, বিধিক্ৰম, আৰু প্ৰসাৰিত; নিশাৰুক তালৰ পৰা বৃঢ়, প্ৰৌঢ়, খচৰ, ৱিচৰ, চতুৰক্ৰম, নিশাৰুক, আৰু প্ৰতিতাল; ৰাসক তালৰ পৰা মনোহৰ, কন্দৰ্প, চাৰু, আৰু নন্দন; প্ৰতি তালৰ পৰা কান্তাৰ, সমৰ, বৈকুণ্ঠ, আৰু বাঞ্চিত; তথা এক তালৰ পৰা চন্দ্ৰিকা, বিপুলা, আৰু বামা; ৮। যতি তালৰ পৰা লীলা, চন্দোলিতা, কৌমুদী, আৰু হংসমালিকা । বোধহয়, ‘প্ৰতি তালে’ই বৰ্তমানে প্ৰচলিত পৰি তাল । বিশেষ মন কৰিবলগীয়া যে সঙ্গীত-দামোদৰত বিপুলা একতাল (বা খৰমান), চন্দ্ৰিকা একতাল (বা এতালি), ৰামা একতাল (বা দশৱাৰী), যতি তাল, পৰি তাল, আৰু চুটিকলা তালৰ উল্লেখ আছে । এই তাল কেইখন পূৱ ভাৰতত অতি জনপ্ৰিয় ।

 

 বৰগীত গাওঁতে তালবাদ্য আৰু স্বৰাশ্ৰয়ী বাদ্য ব্যৱহাৰ কৰা হয় । তালবাদ্য (percussion instrument) দুবিধ – আনদ্ধ (leather) আৰু ঘন (metalic) । সত্ত্ৰত আনদ্ধ বাদ্য খোল আৰু ঘন বাদ্য কাঁহৰ তাল (cymbal) ব্যৱহাৰ কৰে । কাঁহ ধাতুৰে বনোৱা তাল (cymbal) ঘন বাদ্যটো এটা মাথো স্বৰ(note)তে বন্ধা থাকে । ইয়েই গায়ক আৰু বাদ্যবোৰৰ প্ৰধান স্বৰ । ইয়াৰ আধাৰতে সপ্তক স্থিৰ কৰি লোৱা হয় । সত্ত্ৰত অতিজতে স্বৰাশ্ৰয়ী বাদ্য আছিল । সাহিত্যিক সাক্ষ্য অনুসাৰে চাৰেন্দা, আৰু ৰৱাব বাদ্যৰ উল্লেখ আছে । আমাৰ জীৱন্ত সাংস্কৃতিক ঐতিহ্য অক্ষুণ্ণ ৰাখিবলৈ হলে হাৰমনিয়াম, বেহেলা আদি বাদ দি চাৰেন্দা, আৰু ৰৱাব বাদ্যৰ প্ৰয়োগ কৰিব লাগিব ।

 

বাদ্য-প্ৰদীপত স্পষ্টকে কৈছে গায়ন, বায়ন, নৰ্তক, মৃদঙ্গ আৰু কাঁহৰ তালৰ সমন্বয়ত ভাল-সঙ্গীত হয়  এই ভাল-সঙ্গীত বা মাৰ্গ-সঙ্গীতক গান্ধৰ্ব্ব সঙ্গীত বা সৰগীয় সঙ্গীত আনহাতে, খোল বাদ্যৰ খোলাটো মাটিৰে (বা মৃৎ মানে মাটি) বনোৱা বাবে মৃদঙ্গ বুলিও কয় । তেনেদৰে, শাৰঙ্গদেৱৰ সঙ্গীত-ৰত্নাকৰত গায়ন-বায়নে কাঁহৰ তাল প্ৰয়োগ কৰিলে গান্ধৰ্ব্ব সঙ্গীত বা মাৰ্গ-সঙ্গীত হয় বুলি কৈছে১১ । অৰ্থাৎ বৰগীত কিম্বা প্ৰৱন্ধ গীতত কাঁহৰ তাল অপৰিহাৰ্য ।

 

ভাৰতীয় বিদ্যাত বেদেই মূল । চাৰি বেদৰ ভিতৰত সামবেদৰ পৰাই সাম গান বা সাম সঙ্গীতৰ সৃষ্টি হয় । এই সাম বেদৰ পৰাই আকৌ নাট্য বেদ বা নাট্য শাস্ত্ৰৰ বুৎপত্তি হয় । নাট্য-শাস্ত্ৰ-কালিন সময়ত সংস্কৃত মূল ভাষা আছিল । তেতিয়াৰ দিনত নাটক আদি সংস্কৃতত আছিল । অতঃ, সেই সময়ৰ সঙ্গীতক মাৰ্গীয় বোলা হৈছিল । যেতিয়া ভাষাৰ বিভাজন হৈ পালি, প্ৰাকৃত কিম্বা দেশীয় ভাষা হ'ল তেতিয়াই গীত, বাদ্য আৰু নৃত্যত এক বিশাল সংস্কাৰ ঘটিলে ।

               

সংস্কৃতৰ পৰা বুৎপত্তি ঘটা আমাৰ ভাৰতীয় ভাষাত হ্ৰস্ব, দীৰ্ঘ আৰু প্লুত বৰ্ণ আছে । সংস্কৃত ভাষাত হ্ৰস্ব (বা লঘু) বৰ্ণ এক মাত্ৰা, দীৰ্ঘ (বা গুৰু) বৰ্ণ দুই মাত্ৰা তথা প্লুত বৰ্ণ তিনি মাত্ৰা১২ । অৰ্থাৎ 'অ' বৰ্ণ এক মাত্ৰা, 'আ' বৰ্ণ দুই মাত্ৰা আৰু ওঁম্ বৰ্ণ তিনি মাত্ৰা । কিন্তু ভৰত মুনিৰ দিনত সংস্কৃত ভাষাত ৰচিত গীতত সঙ্গীত হলে অ, ই, উ, ঋ, আৰু ৯ উচ্চাৰণত হে এক মাত্ৰা ধৰা নিয়ম আছিল১৩ । আনহাতে, দেশীয় ভাষাত ৰচিত গীতত (যথা প্ৰৱন্ধ) সঙ্গীত হলে চাৰিটা বা ছয়টা হ্ৰস্ব বৰ্ণ উচ্চাৰণ কৰা সময়ক এক মাত্ৰা ধৰা হয়১৪

 

হ্ৰস্বৰ আন নাম লঘু১৫ । দেশীয় (প্ৰৱন্ধ) সঙ্গীতত এই লঘু যদিহে হাতেৰে চাপৰি মাৰি দেখাব লগা হয় তেতিয়া লঘুৰ সময় খিনিক দুভাগ কৰি প্ৰথম ভাগত চাপৰি দিয়া হয় আৰু দ্বিতীয় ভাগতো ইঙ্গিতৰে দেখুৱা হয় । হাতেৰে চাপৰি মাৰি গুৰু দেখাব লগা হলেও নি্যম একেটাই হয় । লঘুৰ সময় খিনিক তলত চাৰিটা হ্ৰস্ব বৰ্ণ আৰু ছয়টা হ্ৰস্ব বৰ্ণ তাললিপিৰে দেখুৱা হ'ল ।


 

ভৰতকালিন দিনত লঘু, গুৰু, আৰু প্লুত নামৰ মাত্ৰা কেইটাৰ প্ৰচলন আছিল । কিন্তু ভাষাৰ ক্ৰমবিকাশৰ পাচত প্লুতৰ ব্যৱহাৰ সঙ্গীতত নোহোৱা হ'ল । তাৰ বিপৰীতে লঘুক দুভাগ কৰি দ্ৰুত (বা যুগ্ম) নামৰ একক এটা ব্যৱহাৰ কৰা হ'ল । এই যুগ্মক দেখাবলৈ এটা চাপৰি মৰা হয় । অৰ্থাৎ যুগ্ম, লঘু, আৰু গুৰু এককৰ প্ৰচলন হ'ল । হাতেৰ ইঙ্গিতৰে দেখুৱা শুদা বা খালীৰ লগতে সত্ত্ৰত হালিও দিয়ে ।

 

বৰ্তমানৰ ভাৰতত ব্যৱহাৰ হোৱা জনপ্ৰিয় তাললিপি দুটা হ'ল ভাতখাণ্ডে পদ্ধতি আৰু বিষ্ণুদিগম্বৰ পদ্ধতি ইয়াত যিটোৰে মাত্ৰাবুলি কয় সেইটোকে পৌৰাণিক কালত কলানামেৰে জানিছিল উদাহৰণ হিচাপে সত্ত্ৰীয়া ৰূপক তালৰ ৬ টা কলা১৬ এই কলা বোৰ ২ + ৪ হিচাপে সজোৱা হয় ধেই, দাওঁ, তাতা, খ্ৰীখ্ৰী, ৰাওঁ, আৰু দ্ৰিক এই ছয়টা বোল (আনদ্ধ বাদ্যত ব্যৱহৃত শব্দ) সজাই তালখন বজোৱা হয় এই ৰচনাটোক গা-বাজনা, গৎ, গা-মান আদিৰে বুজোৱা হয়১৭ ইয়াৰ বাহিৰেও বৰগীতৰ লগত বায়নে ঘাট আৰু চোক নামৰ দুবিধ সংৰচনাও প্ৰয়োগ কৰে ঘাটবোৰ সাধাৰণতে গায়নে বৰগীতৰ এটা চৰণ গাই উঠাৰ পাচত কিন্তু পাচৰ চৰণটো গোৱাৰ আগতে ; অৰ্থাৎ দুয়োটা চৰণৰ মাজত ঘাট বজোৱা হয়১৮ ৰচনা অনুসৰি এই ঘাট বোৰক পূৰ্ণঘাট, চুটিঘাট, লনাঘাট, লালীঘাট আদিৰে জনা যায় বৰগীতৰ আৰম্ভণিতে বজোৱা ঘাটক আৰম্ভণি ঘাট বোলা হয় আমি সৰুতে বায়ন আতা মণিৰাম দত্ত মুক্তিয়াৰ আৰু গায়ন আতা মণিৰাম দত্ত মুক্তিয়াৰৰ মুখত শুনিছিলোঁ যে বৰগীতটো চলি থাকোতেই ঘাট মৰা হয় ; কিন্তু গায়নসকল পাকৈত নোহোৱা হেতু দুটি চৰণৰ মাজতহে বায়নে ঘাট মাৰিবলৈ বাধ্য হয় এই কথাফাঁকি বাদ্য-প্ৰদীপত কৈছে১৯ – গায়নৰ গোড় নাহি আৰ জ্ঞান বিনে …..

 

যদুপতিৰ বাদ্য-প্ৰদীপ অনুসাৰে ঘাট মৰাৰ নিৰ্দ্দিষ্ট নিয়ম থাকে উদাহৰণ হিচাপে  ৰূপক তালত ওঠৰটা নিয়ম বৰ্ণনা কৰা আছে২০ পদ নং ১৯৫-১৯৬-দাওঁ দাওঁআৰু দাওঁ তিতি খেতাবোল দুটা কিদৰে ব্যৱহাৰ কৰিব লাগে নিৰ্দিষ্টকৈ উল্লেখ কৰিছে অৰ্থাৎ বায়নে নিজ খুচি মতে যেনেকৈ তেনেকৈ কতো মন গলে ঘাট বজাব নোৱাৰে থোৰতে, শাস্ত্ৰ অনুসাৰে বজাবলৈ বা গাবলৈ লাগে হেতুকেই শাস্ত্ৰীয় সঙ্গীত মাৰ্গ অনুসৰি বাদন কিম্বা গায়ন কৰিব লাগে হেতুকেই মাৰ্গীয় সঙ্গীত

 

বৰগীতত চোকনামৰ আন এবিধ সংৰচনা ব্যৱহাৰ কৰে এই চোক বৰগীতৰ অন্তিম অংশত সাধাৰণতে প্ৰয়োগ কৰা দেখা যায়২১ চোকৰ ৰচনা কৰোঁতে নিৰ্দ্দিষ্ট নীতি-নিয়ম থাকে গীতৰ শেষ চৰণত ঘাট বজাই চোক আৰম্ভ কৰে । ইয়াত গীতৰ চৰণটো আবৃত্তি হৈ থাকে আৰু লগে লগে চোকৰো আবৃত্তি চলি থাকে । কোনো কোনো গামানৰ বিপৰীতে চাৰি পাঁচখন চোক থাকে । ইয়াৰ বাজনাই চালি দিয়ে; অৰ্থাৎ ছলনা কৰে । তাল বা ৰিদমৰ স্বৰূপটো ছল কৰি ভাঙি চিঙি যোৰ যোৰ (pair) অৱস্থালৈ নিয়ে । চাপৰি বা তালিবোৰো যোৰ যোৰকৈ পৰে । এই চালি দুই প্ৰকাৰৰ পৰিলক্ষিত হয় - উৰা চালি আৰু মেদা চালি । উৰাত লয় (tempo) খৰ আৰু মেদাত ধীৰ হয় । চোকত বাজনাই দোলান (swing) দিয়ে । দোলানত ৰং দিয়ে; মেলানত বাজনাক নতুন ৰূপলৈ আনে তথা পাতনত নতুন আকৃতি প্ৰদান কৰে । প্ৰসঙ্গীয়া বৰগীতত আৰু এটা বিশেষ উল্লেখনীয় দিশ হ'ল - ইয়াৰ অনিবদ্ধ অংশত অনিৱদ্ধ তালত অনিৱদ্ধ বাজনাৰে সঙ্গত কৰি থকা হয় ।

 

 

বৰগীত বিশ্ব সাংস্কৃতিক ঐতিহ্য হব পাৰে নেকি ?  গুৰু পৰম্পৰা অনুসৰি মৌখিক পৰম্পৰাৰ ঐতিহ্য আমি জানোঁ যে ধ্ৰুপদ গায়ন বিশ্ব সাংস্কৃতিক ঐতিহ্য আৰু ধ্ৰুপদ গায়ন প্ৰৱন্ধ গায়নৰ পৰা ক্ৰমবিকাশ হৈ সৃষ্টি হৈছিল আমাৰ মহাপুৰুষ দুজনাই ষোড়শ শতিকাত প্ৰচলন কৰা বৰগীতশুদ্ধ প্ৰৱন্ধ গাননহয় কিন্তু প্ৰৱন্ধ গায়নত থকা সকলো বোৰ নীতি-নিয়মটো বাদেই বায়নৰ অৰ্থাৎ সঙ্গতৰ সকলোবোৰ ৰীতি-নীতিকো সামৰি লৈছিল আনকি ত্ৰয়োদশ শতিকাৰ প্ৰৱন্ধ গায়নৰ ৰাগ-ৰাগিণী আৰু তাল বোৰকো আনি সেইকালত প্ৰচলন থকা সংজ্ঞাবোৰ মানি ব্ৰজাৱলী ভাষাত ৰচিত বৰগীতক ষোড়শ শতিকাৰ মাৰ্গীয় সঙ্গীতৰ পৰ্যায়ত স্থান দি থৈ গৈছিল ভাৰতত অধুনা বিলুপ্ত প্ৰৱন্ধ গায়ন চাব, শুনিব, বা শিকিবলৈ হলে বৰগীতৰ বাদে অইন একো নাই এইখিনি কথা আমি কোৱা নাই ২০২১ চনত বৰগীতৰ ওপৰত ICOMOS India-ৰ পূৰ্বোত্তৰ মণ্ডল, NSC ICH আৰু ICICH ICOMOS-ৰ সহযোগত এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেবিনাৰত উপস্থিত থকা আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞ কেবাজনে আগবঢ়োৱা মন্তব্য তেওঁলোকে দৃঢ় ভাৱে কয় যে (প্ৰসঙ্গীয়া) বৰগীত বেদ পাঠ কিম্বা বৌদ্ধ ধৰ্মৰ মন্ত্ৰোচ্চাৰণৰ দৰেই বিশ্ব সাংস্কৃতিক ঐতিহ্য হব পৰা সকলোখিনি গুণ-ধৰ্ম বিদ্যমান ইচ্ছুক পঢ়ুৱৈয়ে ইউটিউবৰ লিঙ্ক https://www.youtube.com/watch?v=dxVep2_Jzls&t=53s  ত গৈ চাৱ পাৰিব

 

আমাৰ অসমত উজনি, মধ্য, আৰু নামনি হিচাপে তিনিটা শৈলী দেখা যায় গায়ন শৈলীৰ এই ভিন্নতাই অলপ অসুবিধা হব পাৰে বুলি বহুতে কৈ আহিছে কিন্তু মন কৰিব আমি প্ৰসঙ্গীয়া বৰগীতক মাৰ্গীয় তথা পৌৰাণিক শৈলী হিচাপে চিহ্ণিত কৰিছোঁ এই শৈলী অতি কঠিন আৰু পাকৈত গায়ন-বায়ন হবলৈ নিৰলস সাধনাৰ প্ৰায়োজন সেয়ে বোধহয় ভাৰতবৰ্ষৰ পৰা প্ৰৱন্ধ গায়ন লুপ্ত হৈ গল প্ৰসঙ্গীয়া বৰগীত এনে এটা মাথো গায়ন পৰিবেশন শৈলী য’ত উদগ্ৰাহ, মেলাপক, ধ্ৰুৱ, অন্তৰা আৰু আভোগ গায়ন বিধি২২ মনাৰ লগতে কেবাটাও ৰাগ আৰু ভিন ভিন তালত গোৱা হয় অসমৰ এই বিলুপ্তপ্ৰায় সাংস্কৃতিক ঐতিহ্যটো কিদৰে সুৰক্ষিত, সংৰক্ষণ, পৰিবৰ্ধন, জীয়াই ৰখাৰ লগতে বৌদ্ধিক সম্পত্তিৰ সুৰক্ষা, কপিৰাইট আদি আইনৰ সচেতনতা শিল্পী-শিকাৰু ৰাইজ আদিৰ মাজত বৃদ্ধি কৰিবৰ দিন শেষ হোৱা নাই

 

 

 

 

সন্দৰ্ভ সংকেত

 

১।     সঙ্গীত লক্ষণ আৰে কহিব প্ৰকটি

গায়ক বায়ক নৃত্য-কৰ্তা কণ্ঠী তাল

মৃদঙ্গ সহিতে পঞ্চ সঙ্গিতহি ভাল ।।১৮।।

                 যদুপতিৰ বাদ্য-প্ৰদীপ

২।     গান্ধৰ্ব্বমাৰ্গকুশলঃ কাংসতালধৰোহপৰঃ ।।৩৮ ।।

গাতুঃ সহায়ঃ কৰ্তব্যঃ প্ৰমাদৱিনিবৃত্তয়ে ।

পঞ্চমস্তালাধ্যায়ঃ, সঙ্গীত-ৰত্নাকৰঃ

৩।     যদুপতিৰ বাদ্যপ্ৰদীপ; চাংকাকতি, দিলীপ; দৈনিক অসম, ১৯ অক্টোবৰ, ২০০২

৪।     লিঙ্ক চাওঁক : https://youtu.be/Zb5SY9CNa-Q

৫।     তালশব্দং বুৎপাদয়তি - তালস্তলপ্ৰতিষ্ঠায়মিত্যাদিনা । অস্মাদ্ধাতোঃ, 'পদৰুজৱিশস্পৃশো ঘঞ্' (পাণিনী ৩।৪।১৬) ইত্যনুৱৰ্তমানে; 'অকৰ্তৰি চ কাৰকে সংজ্ঞায়ম্' - (পাণিনী ৩।৩।১৯) ইত্যনেন সূত্ৰণাধিকৰণেহৰ্থে ঘঞ্ প্ৰত্যয়ে ৱিহিত তাল ইতি ৰূপম ।।২/৫।। কল্লিনাথৰ কলানিধি

৬।     পৃষ্ঠা ৩৫; আউনীআটী সত্ৰত তাল; চাংকাকতি, দিলীপ

৭।     পদ নং ২৯ - ৪৪; যদুপতিৰ বাদ্যপ্ৰদীপ

৮।     অথ তালাঃ; তৃতীয়স্তৱক; শুভঙ্কৰ কবি বিৰচিত সঙ্গীত-দামোদৰ

৯।     দ্বিতীয়স্তৱক; শুভঙ্কৰ কবি বিৰচিত সঙ্গীত-দামোদৰ

১০।          -ঐ-

১১।     শ্লোক নং ৩৮ - ৩৯; পঞ্চমস্তালাধ্যায়ঃ, সঙ্গীত-ৰত্নাকৰঃ

১২।     শ্লোক নং ১/৬ ; অসমীয়া প্ৰয়োগ ৰত্নমালা ব্যাকৰণ; ভট্টাচাৰ্য্য, জিতেন্দ্ৰনাথ

১৩।    পঞ্চলঘ্ৱক্ষৰোচ্চাৰমিতা মাত্ৰেহ কথ্যতে ।।১৬/৫ ।। সঙ্গীত-ৰত্নাকৰ

অত্ৰ মাৰ্গতালেষু পঞ্চলঘ্ৱক্ষৰোচ্চাৰমিতেন কালেন লঘুঃ ।। ১৬/৫ ।। কলানিধি

১৪।     ক্কচিতু ততোহপি নূন্যয়া চতুৰ্লঘ্ৱক্ষৰোচ্চাৰমিতয়া কালসাম্যম্ । অন্যত্ৰ তু ততেহপ্যধিকয়া ষড়লঘ্ৱক্ষৰোচ্চাৰমিতয়া ।।  ২৩৭ - ২৩৮/৫ ।। কলানিধি

১৫    ৱ্যাপকঃসৰলোহ্ৰস্বঃশৰিদণ্ডোলঘুঃস্মৃতা।…… ।।২৮ ।।

অভিনৱতাল-মঞ্জুৰী; পণ্ডিত অপ্পাতুলসী কাশীনাথ বিৰচিত

১৬    তালৰ পুৰণে কলা কহয় সাশ্বত ।।৬৩।।যদুপতিৰ বাদ্যপ্ৰদীপ

১৭     পৃষ্ঠা ৬২ ৬৫; আউনীআটী সত্ৰত তাল; চাংকাকতি, দিলীপ

১৮    পৃষ্ঠা ৬৫ ৭৬; আউনীআটী সত্ৰত তাল; চাংকাকতি, দিলীপ

১৯    পদ নং ৪৪; যদুপতিৰ বাদ্যপ্ৰদীপ

২০    পদ নং ২৩৮ ২৪৩; যদুপতিৰ বাদ্যপ্ৰদীপ

২১     পৃষ্ঠা নং ৭৬ ৭৮; আউনীআটী সত্ৰত তাল; চাংকাকতি, দিলীপ

২২।     লিঙ্ক চাওঁক : https://www.youtube.com/watch?v=dxVep2_Jzls&t=53s

 

 

 

গ্ৰন্থপঞ্জী

() সংস্কৃত

।     ভৰতমুনি প্ৰণীত নাট্যশাস্ত্ৰ(অভিনৱগুপ্ত বিৰচিত অভিনৱ-ভাৰতী টীকা সহ)

।     শাৰঙ্গদেৱৰ সঙ্গীত-ৰত্নাকৰ(কল্লিনাথৰ কলানিধি তথা সিংহভূপালৰ সুধাকৰ টীকা সহ)

।     শুভঙ্কৰ কবিৰ সঙ্গীত-দামোদৰ(Sanskrit College: Calcutta)

।     ৰাজৰ্ষি ভাগ্যচন্দ্ৰ বিৰচিত গোৱিন্দ-সঙ্গীত-লীলা-বিলাস

।     পণ্ডিত অপ্পাতুলসী কাশীনাথ বিৰচিত অভিনৱতাল-মঞ্জুৰী

।     নান্দিকেশ্বৰ প্ৰণীত অভিনয়-দৰ্পণ

।     দ্য ষ্টুডেণ্টচ সংস্কৃত ইংলিছ ডিকশ্নেৰী; আপ্তে, বামণশিৱৰাম

।     নাৰদ কৃত পঞ্চম সাৰ সংহিতা তথা দামোদৰ সেন কৃত সঙ্গীত-দামোদৰ; সম্পাদক - সিংহ, গুৰুবিপিন

।     শ্ৰীপিঙ্গলাচাৰ্য্য বিৰচিত পিঙ্গলচ্ছন্দঃসূত্ৰম্; চৌখাম্বা সংস্কৃত সীৰীজ অফিচ, বাৰাণসী

১০।    মহৰ্ষি মাৰ্কণ্ডেয় কথ্থিতম্‌ কালিকাপুৰাণম্; সম্পাদক তৰ্কৰত্ন, আচাৰ্য্য পঞ্চানন

১১।    মহেশ্বৰ মহাপাত্ৰ প্ৰণীত অভিনয়-চন্দ্ৰিকা; পাটনায়ক, দ্বীজেন্দ্ৰনাথ

 

 

() ইংলিছ

1.     The Geetagovinda of Jayadeva; Miller, Barbara Stoler

2.     Northern Indian Music; Danielou, Alian

3.     Music of Eastern India; Ray, Sukumar

4.     The Music of India; Popley, Herbert A

5.     Rhythm in the Vaishnava Music of Assam; Neog, Maheswar & Changkakati, Keshav

6.     Manipuri TalaPrakasa; Jhaveri, Darshana & Devi, Kalabati

7.     Tala Sangraha; Sundaram, B N

8.     Psychology of Laya; Ramachandra, Prof S K

9.     Comparative Study of Thaalas in Hindustani System; Gopalkrishnan, T V

10.    A Catalogue of Sanskrit Manuscript at the D H A S, Choudhary P C

11.    The Pronouncing Anglo-Assamese Dictionary; Bhattacharya, Late B N

 

()      হিন্দী

।     ঠুমৰী কী উৎপত্তি, ৱিকাস ঔৰ শৈলীয়া; শুক্ল, শত্ৰুঘ্ন

।     তব্বলে কা উদ্গম, ৱিকাস ঔৰ ৱাদন শৈলীয়া; শুক্ল, যোগমায়া

।     তাল-মাৰ্ত্তণ্ড; ৱশিষ্ঠ, পণ্ডিত সত্যনাৰায়ণ

।     তাল-প্ৰকাশ; শৰ্ম্মা, ভগৱতশৰণ

।     নৃত্যকলা; প্ৰসাদ, উমা

 

হিন্দী মেগাজিন

।     সংগীত মে ১৯৬৭, সংগীত কাৰ্যালয়, হাথৰস

।     সংগীত চেপ্তেম্বৰ ১৯৬৭, সংগীত কাৰ্যালয়, হাথৰস

।     সংগীত জুলাই, ১৯৬৯, সংগীত কাৰ্যালয়, হাথৰস

।     আলাপিনী - ১৯৭২; ভাতখাণ্ডে সংগীত বিদ্যাপীঠ, লখনউ

 

()      অসমীয়া

।     তাল-প্ৰদীপ; চাংকাকতি, কেশৱ

।     সত্ত্ৰীয়া নৃত্য আৰু সত্ত্ৰীয়া নৃত্যত তাল; নেওগ, ডক্ট ৰমহেশ্বৰ আৰু চাংকাকতি, কেশৱ

।     তাল-মালিকা; চাংকাকতি, কেশৱ

।     সঙ্গীত-উপক্ৰমণিকা প্ৰথম ভাগ; চাংকাকতি, ডক্টৰ  দেৱেন্দ্ৰচন্দ্ৰ

।     সঙ্গীত উপক্ৰমণিকা দ্বিতীয় ভাগ; চাংকাকতি, ডক্টৰ দেৱেন্দ্ৰচন্দ্ৰ

৬।           আউনীআটী সত্ৰত তাল; চাংকাকতি, দিলীপ

।     সত্ৰীয়া খোল বাদ্যাঙ্ক প্ৰথম ভাগ; দাস, মহানন্দ

।     স্বৰৰেখাত বৰগীত – প্ৰথম খণ্ড ।। প্ৰথম ভাগ ।।; সম্পাদক - নেওগ, মহেশ্বৰ; সঙ্গীতাংশ ফুকন, বীৰেন্দ্ৰ কুমাৰ আৰু দাস, পুৰুষোত্তম

।     অসমীয়া ছন্দশিল্পৰ ভূমিকা; বৰুৱা, নৱকান্ত

১০।    অসমীয়া ছন্দৰ শিল্পতত্ব; বৰা, মহেন্দ্ৰ

১১।    শ্ৰীশ্ৰীশঙ্কৰদেৱ আৰু  শ্ৰীশ্ৰীমাধৱদেৱৰ বৰগীত; চৌধুৰী, গৰ্গনাৰায়ণ

১২।    চৰ্যাপদ; হাজৰিকা, ডক্টৰ পৰীক্ষিত

১৩।    প্ৰাচ্য-শাসনাৱলী; নেওগ, মহেশ্বৰ

১৪।    অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা; গোঁহাই, ডঃ হীৰেণ

১৫।    আধুনিক অসমীয়া সাহিত্যত শংকৰদেৱ প্ৰসঙ্গ; বৰা, প্ৰফুল্ল চন্দ্ৰ

১৬।    নিৰ্বাচিত প্ৰবন্ধ; বৰুৱা, ডক্টৰ বিৰিঞ্চি কুমাৰ

১৭।    ব্যাস-সঙ্গীতৰ ৰূপৰেখা; নাথ ওজা, দুৰ্গেশ্বৰ

১৮।    অসমৰ ওজাপালি; শৰ্ম্মা, ডক্টৰ নবীনচন্দ্ৰ

১৯।    কুশান গান; ভাগৱতী, আনন্দ মোহন

২০।    অসমীয়া বিশ্বকোষ(প্ৰথম খণ্ড); মুখ্যসম্পাদক - দেৱশৰ্মা, ৰজনীকান্ত

২১।    কালিৰাম দেৱশৰ্ম্মা বৰুৱাৰ সংগৃহীত ৰামসৰস্বতী বিৰচিত জয়দেব কৃত গীতগোবিন্দ” (ৰাজা শুক্লধ্বজ বিৰচিত সাৰবতী টীকা সহ)

 

 

অসমীয়া বাতৰিকাকত

।     দৈনিক অসম, ১৯ অক্টোবৰ, ২০০২

 

()      বঙালী

।     ছন্দ পৰিক্ৰমা; সেন, প্ৰবোধচন্দ্ৰ

।     তবলাৰ ইতিবৃত্ত; ঘোষ, শম্ভূনাথ

 

 

 

 

 

 

 

 

0 Comments