ব্যাস-সঙ্গীত: অসমৰ এটা প্ৰাচীন বিলুপ্তপ্ৰায় সঙ্গীত ঐতিহ্য
দিলীপ চাংকাকতি
১. ব্যাস-সঙ্গীত কিয় বিশেষ?
ব্যাস-সঙ্গীত অসমৰ এটা অতি প্ৰাচীন সঙ্গীত ধাৰা। ইয়াক মহাভাৰতৰ ৰচক বেদ-ব্যাসৰে নামত নামাকৰণ কৰা হৈছে। কালক্রমত ইয়াক “ওজা-পালি”ৰ সৈতে একেকাৰ কৰি “বিয়াহ ওজা-পালি” বুলি কোৱা হ’ল। যথাৰ্থতে, এই ভুল নামৰ বাবে ইয়াৰ শাস্ত্ৰীয় আৰু ধৰ্মীয় গৌৰৱ হ্ৰাস পাই গ’ল। কিন্তু আধুনিক গৱেষণাই দেখুৱাইছে, ব্যাস-সঙ্গীতৰ মূল বৈদিক সাম-গান আৰু গাথা-সঙ্গীত। অৰ্থাৎ ব্যাস-সঙ্গীত হৈছে ভাৰতীয় সঙ্গীতৰ অতি প্ৰাচীন মূল উৎসৰ সৈতে জড়িত জীৱন্ত ঐতিহ্য।
২. ব্যাস-সঙ্গীতৰ দুটা ভাগ:
ব্যাস-সঙ্গীত দুটা মূল ভাগত বিভক্ত: (ক) ধৰ্মীয়-আচাৰিক ধাৰা – “জাগৰ গীত”: দেৱীক জাগৃত কৰিবলৈ গোৱা সঙ্গীত। এই সঙ্গীত আৰম্ভ হয় “ওঁম্”ৰ উচ্চাৰণৰে। অন্যহাতে, “মালচি গীত” বিশেষকৈ মালশ্ৰী ৰাগত গোৱা ভক্তিমূলক দেৱতাৰ স্তুতি গীত। (খ) সভাগোৱা সঙ্গীত - ধৰ্ম্মীয় অনুস্থানত পূজাৰ পিছত আৰু সন্ধ্যা আঁৰতিৰ অন্তত নিশাৰ সভাত গোৱা গীত বা “সভাগোৱা গীত”। এই গীতবোৰ মহাভাৰত, ৰামায়ণ, বেদ-পুৰাণৰ কাহিনী সঙ্গীতৰ মাধ্যমেৰে জনসাধাৰণকৰ আগত বৰ্ণনা কৰা হয়। এটা ধাৰাটোৰ মূল উদ্দেশ্য ধৰ্ম্মীয় ক্ৰিয়া-কলাপ, আৰু আনটো শিক্ষা-প্ৰচাৰ।
৩. ব্যৱহৃত ভাষা:
ব্যাস-সঙ্গীতত ব্যৱহৃত ভাষা দুটা মিশ্ৰণ: “সংস্কৃত” যি পবিত্ৰতা তথা শাস্ত্ৰীয় গৌৰৱ আৰু প্ৰাচীন কামৰূপী ভাষা, যি স্থানীয় লোকৰ বুজিবলৈ সহজ।
৪. বিশেষ যন্ত্ৰ আৰু প্ৰতীক:
ব্যাস-সঙ্গীতত দুটা বিশেষ পবিত্ৰ
সামগ্ৰীৰ ব্যৱহাৰ হয়: (ক) “ৰাঙেলীখাটি” যাৰ অৰ্থ “সঁচাকৈ
ৰঙীন/উজ্জ্বল।”আনটো
“বজ্ৰ” (বজ্ৰ/হীৰা) বা মুদ্ৰা, যি শক্তি
আৰু বিশ্ব-সন্তুলনৰ প্ৰতীক। এই
দুয়ো যন্ত্ৰই মিলি পৰিৱেশটোত আনন্দ, শক্তি আৰু ধৰ্মীয়
সঁহাৰি প্ৰকাশ কৰে। (মন কৰিবলগীয়া, ৰাঙেলীখাটি যন্ত্ৰৰ লগত বজ্ৰযানী বৌদ্ধ লামাসকলে ব্যৱহাৰ কৰা “বজ্ৰ”ৰ লগত সাদৃশ্য আছে; কিন্তু সুক্ষ্ম পৰ্য্যাবেক্ষণৰ
পৰা বুজা যায় যে বৌদ্ধ সকলে ব্যৱহাৰ কৰা বজ্ৰ যন্ত্ৰটোৰ মূল ব্যাস-ওজা সকলে ব্যৱহাৰ
কৰা ৰাঙেলীখাটি হয় ।
আনহাতে, ওজাৰ লগত সহযোগী
“পালি”-সকলে সদ্য পুস্পিতা কুমাৰীৰ স্তনৰ আকৃতিৰ ধাতুৰে নিৰ্ম্মিত “তাল-বাদ্য” বাদন
কৰে । ইয়াৰ লগত ঋতুমতি নাৰী আৰু অম্বুবাচী উৎসৱ তথা কামৰূপী তন্ত্ৰৰ সম্বন্ধ নিহিত
হৈ আছে ।
৫. কলাই (চৌষষ্ঠী কলাৰ পাৰঙ্গত) পুৰোহিত:
১৬শ শতিকাত, কোচ ৰজা নৰ-নাৰায়ণৰ শাসন-কালত, কামাখ্যা মন্দিৰত বিশেষ “সূৰ্য্য উপাসক” কেন্দু কলাই পুৰোহিত
আছিল। কেন্দু
কলাইৰ জ্যেষ্ঠ-ভাতৃ “ব্যাস কলাই”
ব্যাস-সঙ্গীতৰ বিশেষজ্ঞ আছিল। ছিপাঝাৰৰ
ওচৰৰ “ব্যাসপাৰা” গাঁওখন তেওঁৰ
বাসস্থানৰ আছিল।
তেওঁলোকে অৰ্থাৎ ব্যাস-সঙ্গীতজ্ঞসকলে
সাঁত দিনত সাঁত গৰাকী দেৱী পূজা
কৰে । এই সাঁত গৰাকী দেৱী হ’ল - দুৰ্গা,
কাত্যায়নী, ভৈৰৱী, জয়া, বজ্ৰয়িনী,
ত্ৰিনয়নী আৰু ৰাক্ষসেনী । জাগৰ বা জাগৰণ পূজাত ৰঙেলীখাটি আৰু
মুদ্রা-যন্ত্র ব্যৱহাৰ কৰা
হয়। জাগৰ
গীতৰ মূল গায়ক “ওজা”ক
“জীৱন্ত বজ্ৰ (vajra-mūrti)” বুলি মানা হয়।
আসে ৰবিবাৰে দেৱী দূৰ্গাৰূপ ধৰি ।
সোমে কাত্যায়নী ৰূপ সহিতে নপাৰি ।।
ভৌমে ভৈৰৱী ৰূপ দেৱী মহামায়া ।।
বুধে জয়া গুৰু দিয়া চৰণৰ ছায়া ।।
গুৰু বজ্ৰয়িনী ৰূপ ভৱানী জননী ।।
শুক্ৰে ত্ৰিনয়নী ৰূপে সহিতে নপাৰি ।।
আসে শনিবাৰে ৰূপ ধৰি ৰাক্ষসেনী।।
সাত বাৰে সাত ৰূপ ভৱানী জননী ।।
ছন্দই বৈদিক আৰু বাকী ক্ৰিয়া-কলাপ
লৌকিক অৰ্থাৎ তান্ত্ৰিক । ব্যাস-সঙ্গীতৰ
মাজত তান্ত্ৰিক প্ৰথা গভীৰভাৱে যুক্ত
। ইয়াত মুদ্রা-যন্ত্র
হ’ল মানুহৰ শৰীৰৰ কুণ্ডলিনী
চক্র (energy centres)-ৰ
প্ৰতীক। জাগৰ
গীত মানে “নাদ-ব্ৰহ্ম” (cosmic sound) জাগৰিত কৰি
ঈশ্বৰৰ সৈতে সংযোগ।
কিয়নো ইয়াত ওজাজন কেৱল গায়ক নহয়,
তেওঁ “শব্দ-যোগী”।
যিহেতু দেৱী হ’ল শব্দ (শক্তি)। সেয়ে
গানেই হ’ল “দেৱীৰ উপস্থিতি”।
সূৰ্য্য-উপাসক ব্ৰাহ্মণ
সম্প্ৰদায় প্ৰধান এই অঞ্চলত “খড়ি” উপাধিৰো লোক আছিল । (হিমাচল, উত্তৰাখণ্ড অঞ্চলত খেৰ
বা খড় উপাধিৰ সূৰ্য্য-উপাসক ব্ৰাহ্মণ সম্প্ৰদায় লোক আছে । এই অঞ্চলতে আকৌ দূৰ্গোৎসৱত অতি প্ৰাচীন ভাৰতীয় সঙ্গীত “জাগৰ বা জাগৰণ গীত”ৰ প্ৰচলন আছে ।ভাৰতীয় সঙ্গীত ধাৰাৰ প্ৰচলিত
মতানুসাৰে, গোৰক্ষনাথে পূৱ দেশৰ পৰা এই জাগৰ বা জাগৰণ গীতবোৰ নৱম শতিকাত নি এই অঞ্চলত
প্ৰচলন কৰিছিল ।) অতীতত এই খড়ি সকলৰ মাজত “স্বৰোদয়” নামৰ শাস্ত্ৰ এখনৰ প্ৰচলন আছিল
। তেওঁলোকে কুণ্ডলিনী শক্তি জাগৃত কৰি “নাদ”-ৰ সাধনা কৰিছিল । ইয়াক “শব্দ-যোগ” বুলি
কোৱা হয় । (প্ৰণিধান যোগ্য যে শৰাইঘাটৰ নিৰ্ণায়ক যুদ্ধৰ মূহূৰ্ত্ত নিৰ্ধাৰণ কৰিবলৈ
দৈৱজ্ঞ সকলে স্বৰোদয় শাস্ত্ৰ প্ৰয়োগ কৰিছিল ।) সেয়ে, শব্দ-যোগী ৱ্যাস ওজাই মুদ্ৰা যন্ত্ৰৰ
সহায়ত নাদ বা শব্দৰ সহায়ত দেৱীৰ উপস্থিত সাব্যস্ত কৰে ।
৭. জাগৰ বা জাগৰণ পূজা:
ব্যাস-সঙ্গীতৰ এটা মুখ্য আচাৰ হৈছে “জাগৰ বা জাগৰণ পূজা” — চণ্ডী দেৱীক জাগৃত কৰা অনুষ্ঠান। এই পূজাৰ বেদীত মুদ্রা-যন্ত্র আৰু ৰঙেলীখাটি, পূৰ্ণ-ঘটৰ কাষত স্থাপন কৰা হয়। পূজা আৰম্ভ হোৱাৰ লগে লগে ওজাই মুদ্ৰা যন্ত্ৰ হাতত লৈ বিৰতি-বিহিনভাৱে জাগৰ গীত গায়; গীত চলি থাকোতে মাজত কোনো বিৰাম লব নোৱাৰে। বিশ্বাস মতে, এই সঙ্গীতৰ প্ৰভাৱত ৩৩ কোটি দেৱতা আহি পূজাথলিত উপস্থিত হয়। ইয়াত বৈদিক সাম-গানৰ ধাৰা আৰু অসমীয়া সাংস্কৃতিক স্বৰূপ একেলগে দেখা যায়।
৮. ব্যাস-সঙ্গীত এক সঙ্গীত, ই তৌৰ্যত্রিক নহয়:
শুভঙ্কৰৰ “সঙ্গীত-দামোদৰ”ৰ মতে সঙ্গীত মানে হ’ল গীত, বাদ্য আৰু নৃত্যৰ সাধাৰণ সংযোগ; আৰু তৌৰ্যত্রিক মূলতে হ’ল নাটকীয় অভিনয়, নৃত্য-নাট।
ব্যাস-সঙ্গীত, মুখ্যতঃ গান আৰু ৰাগ; ইয়াত নৃত্য কম আৰু প্ৰতীকী। ইয়াৰ মূল উদ্দেশ্য হ’ল ধম্মীয় আচাৰ আৰু শিক্ষা, নাটক নহয়। এই সঙ্গীত হ’ল ৰাগ-তালৰ ভঁৰাল । ইয়াত এতিয়াও ২১টা ৰাগ আৰু পাঁচখন তাল প্ৰচলন হৈ আছে। এই ২১টা ৰাগ হ’ল – সাৰঙ্গ, অহিৰ, দুলাৰী, চালন, পাহাৰী, দেশগ, সুহাই, কাৰুণ্য, শ্ৰীগান্ধাৰ, বসন্ত, বৰড়ী, কল্যাণ, ৰামগিৰি, মালৱি, ধনশ্ৰী, মাল্লৱ, ৰেলী, চৌৰথ, ভাটিয়ালি, ভৈৰবী আৰু মালশ্ৰী । ইয়াৰ লগতে চাব, চৌ, জিকৰি, লেচাৰী আৰু থোকা নামৰ পাঁচখন তাল আছে ।
ব্যাস-সঙ্গীতৰ সৈতে জড়িত অতি বিশেষ ৰাগ হ’ল “ত্ৰাগ” (অন্য নাম ধনেশ্বৰী ৰাগ)। এই ৰাগৰ গতি হাতীৰ ঢঙৰ দৰে ধীৰ আৰু গভীৰ। এই ৰাগ ব্ৰহ্মাণ্ডীয় যুদ্ধ (যথা ৰাম-ৰাৱণ) বৰ্ণনাত ব্যৱহাৰ কৰা হয় । আনহাতে, এই ৰাগ কামাখ্যাৰ অম্বুবাচী পূজা উৎসৱত বিশেষ গুৰুত্ব দিয়া দেখা যায়। ত্ৰাগ ৰাগৰ অৱস্থিতিয়ে প্ৰমাণ কৰে, ৰাগ মানে কেৱল সুৰ নহয়, ই ধাৰ্মিকতা, কাহিনী আৰু অনুভৱ লগত সন্নিবিষ্ট।
ওঁম্
কামৰূপৰ ত্ৰাগ বুলি ধনেশ্বৰী ৰাগ
ফলিত
অক্ষৰে লিখন্তি গৈলা
আপোন
গৃহে চতুৰস্ৰ বৰ্ণে
নাদ
কৰিবাক লৈলা
এতেকে
লক্ষণে ধনেশ্বৰী ৰাগ ভৈলা ।
১০. ব্যাসপাৰাৰ ওজাপাৰা কালী মন্দিৰ:
ছিপাঝাৰৰ ব্যাসপাৰা অঞ্চলত
থকা “ওজাপৰা কালী মন্দিৰ’ত কামাখ্যা মন্দিৰত প্ৰচলত প্ৰাচীন ধৰ্ম্মীয়
ধাৰাটো সংৰক্ষিত। সেয়ে
ইয়াত অম্বুবাচী পূজা হয়। এই অঞ্চলতে, ব্যাস-সঙ্গীত আৰু ত্ৰাগ
ৰাগৰ ব্যাপক চৰ্চা হয়। অনুমান
কৰা হয় যে এই (দক্ষিণেশ্বৰ) কালী মন্দিৰৰ লগত কোচ ৰজা নৰ-নাৰায়ণৰ দিনত বিদাৰিত কেন্দু
কলাই অথবা কলাই বংশৰ নিকট সম্বন্ধ আছিল ।
১১. ব্ৰহ্মাণ্ডীয় ভৌগোলিকত ব্যাস-সঙ্গীত:
ব্যাস-সঙ্গীতক “আকাশৰ নক্ষত্রৰ সৈতে সংযোগ” কৰা হৈছে । নীলাচল (কামাখ্যা) পাহাৰৰ শৃঙ্গত থকা মন্দিৰ (পীঠ) বোৰ আকাশৰ সপ্তর্ষি নক্ষত্রৰ স্বৰূপত বিদ্যমান। ইয়াৰ মূখ্য পীঠ কামাখ্যাৰ মূল উৎসৱ “অম্বুবাচী” । এই উৎসৱ মিথুন ৰাশিত থকা “আৰ্দ্ৰা” নক্ষত্ৰৰ ৩°২০ʻ পৰা ৬°৪০ʻ ভিতৰত সূৰ্য্য গতি কৰি থকা কালত পালন কৰা হয় । সেই সময়ত এই অঞ্চলত উত্তৰ-পূৱ মৌচমী বায়ু প্ৰবাহিত হৈ থাকে । আগস্ত্য নক্ষত্রৰ সৈতে দাক্ষিণাত্যৰ চিতম্বৰম (তামিলনাডু) নটৰাজ মন্দিৰৰ সংযোগ আছে। ইয়াত আৰ্দ্ৰা নক্ষত্ৰত চান্দ্ৰ-পূৰ্ণিমা তিথিত “আৰ্দ্ৰা-দৰ্শনম্” নামৰে নটৰাজৰ পূজা হয় । মনকৰিবলীয়া, এই সময়ত চিতম্বৰম অঞ্চলত দক্ষিণ-পশ্চিম মৌচমী বায়ু প্ৰবাহিত হৈ থাকে । কামাখ্যা (শক্তি) আৰু চিতম্বৰম (শিৱ) এডাল ৰেখাতে সংপিত্ত হৈ “ভাৰতৰ দেৱ-দেৱীৰ ব্ৰহ্মাণ্ডীয় অক্ষ” স্থাপন কৰিছে।
১২. উপসংহাৰ:
ব্যাস-সঙ্গীত হৈছে – (ক)বৈদিক সাম
গানৰ জীৱন্ত বংশধৰ, (খ)
ধাৰ্মিক আৰু সমাজ-শিক্ষামূলক ঐতিহ্য
তথা সঙ্গীত, ধৰ্ম,
কাহিনী আৰু নক্ষত্রবিদ্যাৰ এক গাঁথনি।
কিন্তু এতিয়া এই সঙ্গীতধাৰা “অতি
বিপন্ন”। ইয়াক
সংৰক্ষণ নকৰিলে ই নোহোৱা
হৈ পৰিব। ব্যাস-সঙ্গীতক সংৰক্ষণ মানে ভাৰতীয় সঙ্গীত
আৰু সংস্কৃতিৰ এটা অমূল্য সম্পদ
সংৰক্ষণ কৰা।
![]()
লিখকৰ বিষয়ে একাষাৰ -
দিলীপ চাংকাকতি ইউনেস্ক’ৰ
সাংস্কৃতিক পৰামৰ্শদাতা সমিতি আইক’ম’চৰ পূৰ্বোত্তৰ জ’নৰ সমন্বয়ক তথা ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্ব্বাহক
সমিতিৰ সদস্য । তাৰোপৰি চাংকাকতি ৱৰ্ল্ড হেৰিটেজ সমিতিৰো সদস্য । অমূৰ্ত সাংস্কৃতিক
ঐতিহ্য বিষয়ৰ আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞ চাংকাকতিৰ তিনিখন গৱেষণা পুথি আৰু অগণন গৱেষণামূলক
প্ৰৱন্ধ আছে । চাংকাকতিৰ নিজা ৱেবচাইট www.disobedi.com-ত তেখেতৰ নিয়মিতভাৱে লিখনি, ভিডিঅ’ আদি প্ৰকাশ
হৈ থাকে । চাংকাকতিৰ প্ৰকাশিত গৱেষণামূলক প্ৰৱন্ধসমূহ ইজৰাইলৰ হাইফা বিশ্ববিদ্যালয়,
আয়াৰলেণ্ডৰ কুইনচ্ বিশ্ববিদ্যালয়, যুক্তৰাষ্ট্ৰৰ ইলিয়ানা বিশ্ববিদ্যালয়, ইউনেস্ক’
আৰু আইক’ম’চৰ বিভিন্ন জাৰ্নেল আদিত নিয়মিতভাৱে আলোচিত হৈ থাকে ।









0 Comments