অলপতে, মোৰ হাতত ফৰাচী ভাষাত লিখা চিহাবুদ্দিনৰ “Tarikh-I Asham” পৰিল । ইয়াত মীৰ জুমলাৰ অভিযানৰ কথা লিখা আছে । মিৰ জুমলাই স্বৰ্গদেউ জয়ধ্বজ সিংহ (১৬৪৮ – ১৬৬৩)ৰ দিনত আহোম ৰাজ্য আক্ৰমণ কৰিছিল ।১৬৬২ চনত মীৰ জুমলাৰ অভিযানৰ সময়ত, তেওঁৰ সৈতে চিহাবুদ্দিন নামৰ এজন লেখক আছিল । চিহাবুদ্দিনে এই অভিযানেৰ বিস্তাৰিত বিবৰণত অসমৰ মানুহ আৰু দেশ দুয়োটাৰ বিষয়ে বহুল বৰ্ণনা আগবঢ়াইছে । কিন্তু মোৰ ফৰাচী ভাষাৰ জ্ঞান নাই । অলপ ইণ্টাৰনেটৰ সহায় লৈ স্বৰ্গদেউৰ ৰাজকাৰেং আৰু ৰাজধানীৰ অলপ তথ্য পালোঁ ।
আহোম ৰাজধানী বিষয়ে চিহাবুদ্দিনে লিখিছিল —
সলং
বা
কাৰেং ঘৰ -
“ৰজাৰ সভাঘৰক সলং বুলি কোৱা হয় । ইয়াৰ ভিতৰৰ পৰা ৰ্জোখ দৈৰ্ঘ্যত ১২০ হাত (~৬০ মি) আৰু প্ৰস্থত ৩০ হাত (~১৫ মি) । এই ঘৰটো ৬৬টা খুটাৰ ওপৰত থিয় দি আছে, প্ৰতিটো খুটা প্ৰায় চাৰি হাত পৰিধি (~২ মি) । এই প্ৰকাণ্ড খুটাবোৰ এনেদৰে অতি মসৃণ কৰি ঘঁহা হৈছে যে প্ৰথম দৃষ্টিত লেট মেচিনত ঘূৰাই বনোৱা যেন লাগে । মানুহে যদিও কৈছিল যে তেওঁলোকৰ লেট মেচিনত কাঠ ঘূৰাব জানে, তথাপি যুক্তিবাদে বিশ্বাস কৰিবলৈ অস্বীকাৰ কৰে । এই ৰাজপ্ৰাসাদৰ কাঠৰ কাৰুকাৰ্যৰ অলংকৰণত ব্যৱহৃত শিল্প আৰু অভিনৱ উদ্ভাৱনবোৰ মোৰ কলমে সম্পূৰ্ণভাবে বৰ্ণনা কৰিব নোৱাৰে । বোধহয়, পৃথিৱীৰ অন্য কোনো ঠাইত এনে অলংকৰণ আৰু প্ৰতিমূর্তি খোদাই থকা কাঠৰ ঘৰ নিৰ্মাণ কৰা সম্ভৱ নহয় । প্ৰাসাদৰ পাৰ্শ্ববোৰ বিভিন্ন ৰূপত কাঠৰ ‘জালিকাঠ’ৰ বিভাজনত সজ্জিত, ভিতৰ-বাহিৰ দুই দিশেৰে পিতলৰ আয়নাৰে অলংকৃত, যিবোৰ এতিয়া পৰ্যন্ত তেনে চকচকীয়া যে সূৰ্যৰ ৰশ্মি পৰাৰ লগে লগে চকু চমকি উঠে । এই প্ৰাসাদটো ১২,০০০ জনে এক বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিছিল । প্ৰাসাদৰ শেষত, মুখামুখিকৈ চাৰিটা খুটা আছে ।প্ৰতিটো খুটাত নটা আঙুঠি লগাই থোৱা হয় । ৰজাই যেতিয়া এই ঘৰটোত বহিবলৈ ইচ্ছা কৰে, তেতিয়া এই চাৰিটা খুটাৰ মাজত এখন সিংহাসন ৰখা হয় আৰু সিংহাসনৰ ওপৰৰ নটা আঙুঠিত নটা ছাউনি — ইয়াৰ প্ৰত্যেকটো বেলেগ বেলেগ কাপোৰৰ—বন্ধা হয় । ৰজাই সেই সিংহাসনত বহে, ঢোলবাদকে ঢোল মাৰে আৰু দণ্ডবাজে বাজে ।
ৰাজপ্ৰাসাদৰ ঘেৰৰ ভিতৰত থকা বহুতো কাঠৰ প্ৰাসাদত—খোদাই কৰা, অলংকৃত, মজবুত, প্ৰশস্ত আৰু দীঘল—এইবোৰৰ সৌন্দর্য আৰু বৈশিষ্ট্য বৰ্ণনাত দিয়াতকৈ দৰ্শন কৰা ভাল । কিন্তু যেতিয়ালৈকে এই দেশ মোগল সাম্ৰাজ্যৰ অন্তৰ্গত নহয়, আহোমসকল (তেওঁলোক) আমাৰ পৰা অহা বিপদৰ দৰে বিপদত নপৰে, এই ঘৰবোৰ দেখাৰ ভাগ্য কোনো অধৰ্মীৰো নহয়।”
ৰাজপ্ৰাসাদৰ চোতাল -
“প্ৰাসাদৰ ঘেৰা দেৱালৰ বাহিৰত ৰজাৰ বসবাসৰ বাবে অতিশয় পৰিচ্ছন্ন আৰু পবিত্ৰ ঘৰ নিৰ্মাণ কৰা হৈছে; আৰু সভাসদে ৰাজপ্ৰাসাদৰ ওচৰত অত্যন্ত মনোৰম আৰু দৃঢ় ঘৰ নিৰ্মাণ কৰিছে । বৰফুকন, যি ৰজাৰ জোঁৱাই আছিল, তেঁও নিজৰ প্ৰাসাদৰ চোতালত এক অত্যন্ত মনোহৰ আৰু সুৱাসিত উদ্যান সাজিছিল, যাৰ মাজত এটা পবিত্ৰ আৰু মিঠা পুখুৰী আছিল । সঁচাই, সেই স্থানটো মন-মোহক, আনন্দদায়ক আৰু পবিত্ৰ আছিল । অতিৰিক্ত আদ্ৰতাৰ কাৰণে এই দেশত মাটিৰ ওপৰত ঘৰ বনোৱা প্ৰচলন নাই; সেয়ে কাঠৰ খুটাৰ ওপৰত উঠোৱা মজিয়াৰ ওপৰত নিজৰ ঘৰবোৰ নিৰ্মাণ কৰে ।”
স্বৰ্গদেউ (অহোম ৰজা)ৰ ৰাজপ্ৰাসাদ আৰু তেখেত চলাচল কৰা পথবোৰ পাহাৰদাৰী কৰিবলৈ অসমীয়া গোটৰ ছয় হাজাৰ পৰা সাত হাজাৰলৈ বিশেষ সৈন্যৰ এক পাহাৰী দল নিযুক্ত কৰা হৈছিল।
ৰাজধানী চহৰত শিলৰ মাজত বোকা মাটি দি নিৰ্মাণ কৰা চাৰিখন দুৱাৰ আছিল । প্ৰতিখন দুৱাৰৰ পৰা ৰাজপ্ৰাসাদলৈ দূৰত্ব প্ৰায় ৯.২২৫ কিলোমিটাৰ (তিন ক’ল) আছিল । প্ৰতিটো দুৱাৰৰ পৰা ৰাজপ্ৰাসাদলৈ যোৱা পথবোৰ অতি শক্তিশালী, ওখ আৰু আছিল, য’ত মানুহৰ চলাচল কৰিছিল । চহৰৰ চক্ৰাকাৰে দেৱালৰ পৰিবৰ্তে এক অবিৰত ঘন বাঁহনি আছে, যিটো প্ৰায় ছয় কিলোমিটাৰ (দুটা ক’ল) বা তাতকৈও বেছি বহল আৰু চহৰখন ঘেৰি আছে । এই বাঁহনিখনে চহৰখনৰ বাবে স্বাভাৱিক সুৰক্ষা বেৰ হিচাপে কাম কৰিছিল । এই বাঁহৰ বনৰ কাষতে সাধাৰণ প্ৰজাৰ ঘৰবোৰ আছিল । প্ৰতিখন ঘৰেই নিজৰ উদ্যান আৰু মুকলি চোতাল আছিল । সেই উদ্যানখনে ৰাস্তাৰ পাৰৰ পৰা ঘৰখনৰ আগৰ চোতললৈকে বিস্তৃত আছিল।
ৰাজপ্ৰাসাদৰ কাষেৰে দিখৌ নদী বৈছিল, যাৰ দুয়োফালে শাৰী শাৰী ঘৰবোৰ আছিল । বজাৰত অহা-যোৱা মানুহৰ বাবে এটা সৰু আৰু পোনপটীয়া পথ আছিল । সেই পথত সকলো ধৰণৰ ব্যৱসায়ী দেখা গৈছিল — পাণ-তামোল বিক্ৰেতাও তাত আছিল ।
কৈকাঁও চহৰখন আকাৰত বহুত ডাঙৰ আছিল আৰু তাৰ সীমাৰ ভিতৰত কেইবাটাও গাঁও অন্তৰ্ভুক্ত আছিল । ৰাজপ্ৰাসাদৰ চাৰিওফালে বিশেষভাৱে নিৰ্মিত এক বহল মাটিৰ বাঁহনি আছিল, যাৰ দুয়োফালে গা-গোটাকৈ ওখ বাঁহ ৰোৱা হৈছিল, যিয়ে এটা সুৰক্ষিত বেৰ সৃষ্টি কৰিছিল । এই বাঁহৰ বলয়ৰ বাহিৰত প্ৰায় ১.৫ৰ পৰা ২ মিটাৰ গভীৰ এক খাল আছিল, যিটো সদায় পানীয়ে ভৰা থাকে । সেই খালৰ পৰিধি প্ৰায় ৩.১৪ কিলোমিটাৰ (এক ক’ল আৰু চৌধ্য জাৰেব) আছিল ।
টোকা: ১ ক’ল = ৩.০৭৫ কিলোমিটাৰ; ১ জাৰেব = ৫০.৯০ মিটাৰ; গতিকে খালটোৰ জোখ = ৩১৩৯.৯০ মিটাৰ = ৩.১৪ কিলোমিটাৰ।

0 Comments