আজি | ১৯ বহাগ
| ১৯২৬ শক | দেওবাৰ | ২ মে | ২০০৪
সুপাঠ্য | বৰ্ণালী
পূজাৰী
আউনীআটী সত্ৰত
তাল | লেখক – দিলীপ চাংকাকতি |
প্ৰকাশক – দিলীপ
চাংকাকতি | মূল্য – দুশ টকা মাথোন
সত্ৰীয়া
নৃত্যত প্ৰয়োগ হোৱা কেতবোৰ তাল নিজাববীয়া কোন্তু এনে বহু তালো আছে – যাৰ উৎস অসমৰ থলুৱা
নৃত্যধাৰাৰ পৰা অহা । বিশেষকৈ দেৱদাসী নৃত্যৰ পৰা অহা (চুটা তাল) আৰু জনজাতীয় নৃত্যৰ
পৰা পোৱা (থুকনি আদি)তালো সত্ৰীয়া নৃত্যত বিৰাজমান । আনকি অসমৰ সত্ৰসমূহত – নামনি আৰু
উজনিৰ ঠাই বিশেষ সত্ৰীয়া নৃত্যৰ তালো ভিন্ন ধৰণৰ হোৱা দেখিবলৈ পোৱা যায় । দিলীপ চাংকাকতিৰ
গৱেষণামূলক গ্ৰন্থ ‘আউনীআটী সত্ৰত তাল’খন পঢ়িলে এই কথা ভালদৰে উপলব্ধি কৰিব পাৰি ।
চাংকাকতিৰ বৃহৎ কলেৱৰৰ এইখন গ্ৰন্থৰ উৎস আউনীআটী সত্ৰ । এই সত্ৰৰ বিদ্যায়তনিক অধ্যয়নৰ
পৰিৱেশতে দিলীপ চাংকাকতিয়ে গ্ৰন্থৰ এক প্ৰকল্প তৈয়াৰ কৰিলে । তাল চিনাক্তকৰণ, বাদন
শৈলীৰ অধ্যয়ন, বিচাৰ, ওজাপালিৰ তালৰ চিনাক্তকৰণ আৰু তুলনামূলক অধ্যয়ন কৰা, হিয়া – দিয়া-পাল
নামৰ তালৰ ওপৰত অধ্যয়ন কৰা ইত্যাদি এই প্ৰকল্পৰ বিষয়বস্তু আছিল । শ’লাগ ল’বলগীয়া কথা
যে আলোকসন্ধানী দৃষ্টিৰে অধ্যয়ন কৰা লেখকে অৱশেষত নিৰ্বাচিত কৰিলে ৩৯ খন তাল । একতালৰ
পৰা আৰম্ভ কৰি জ’ট তাললৈ সমৃদ্ধ এই গ্ৰন্থখনে সত্ৰীয়া সংগীত, নৃত্যৰ প্ৰতি দূৰ্বল আৰি
জিজ্ঞাসু মানুহক যথেষ্ট সহায় কৰিব তাত কোনো দ্বিমত নাথাকিব । লেখকে তালৰ বৈশিষ্ট্য
আৰু সৌন্দ্ৰ্য বৰ্ণা কৰাৰ পূৰ্বে বৈষ্ণৱ সংস্কৃতিৰ নিস্বতাসমূহ ব্যাখ্যা কৰাৰ লগতে
আউনীআটী সত্ৰই সেই স্বকীয়তাত যেনে ধৰণে অৱদান আগবঢ়াই আহিছে তাৰো এক বৰ্ণনা আগবঢ়াইছে
। অৰ্থৱহ আৰু চিন্তাকৰ্ষক বেটুপাতেৰে আৰম্ভ হোৱা গ্ৰন্থখনৰ মূল্যৱান বৈশিষ্ট্য হ’ল
জঁপিয়াই জঁপিয়াই কোনো বিষয়ক ইয়াত টানি অনা হোৱা নাই । যথোপযুক্ত পৰিকল্পনা আৰু শৃংখলাৰে
সকলো বিষয়কে খৰচি মাৰি আলোচনা কৰিবলৈ চেষ্টা কৰা হৈছে । আনহাতে এইটো কাৰণত দিলীপ চাংকাকতিৰ
অধ্যয়ন পদ্ধতি আৰু দ্বায়বদ্ধতাৰ উমান পুৱা যায় ।
Āji | 19 Bohag | 1926 Saka | Sunday | 2 May | 2004
Supathya | Barnali Pujari
Āunīāțī Satrat Tāla| Author - Dilip ChangkaKoty |
Publisher - Dilip ChangkaKoty | Price - Only two hundred rupees
Some Tālas used in Sattriya dance are unique, and there are many Tālas - whose origin comes from the indigenous dance forms of Assam. Especially Tālas coming from Devadasi dance (Chuta Tāla) and Tālas obtained from tribal dances (Thukani etc.) are prevalent in Sattriya dance. Even in the Sattras of Assam - one can see that Sattriya dance Tālas are of different types in different Sattras of lower and upper Assam. This can be well understood by reading Dilip Changkakoty's research book 'Āunīāțī Satrat Tāla'. The source of this voluminous book by Changkakoty is Āunīāțī Sattra. In the academic study environment of this Sattra, Dilip Changkakoty prepared a project for the book. Identification of Tāla, study of playing style, analysis, identification of Ojapali Tāla and comparative study, study on Tāla named Hiya-Diya-Pal etc. were the subject matter of this project. It is commendable that the author, studying with an inquisitive eye, finally selected 39 Tālas. This book, rich from Ektāla to Jot Tāla, will be of great help to people who are interested in and curious about Sattriya music and dance, there is no doubt about it. Before describing the characteristics and beauty of Tāla, the author has explained the distinctiveness of Vaishnav culture along with describing how Āunīāțī Sattra has contributed to that uniqueness. Starting with a meaningful and thought-provoking cover, the valuable feature of the book is that no topic has been dragged in haphazardly. An attempt has been made to discuss all topics thoroughly with proper planning and discipline. On the other hand, for this reason, Dilip Changkakoty's study method and commitment can be gauged.

0 Comments